অসম

assam

ETV Bharat / city

ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক - night curfeu

ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলৰ সৈতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে । দহ দিনৰ ভিতৰত বিপদজনক মথাউৰিসমূহৰ শক্তিশালীকৰণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ।

ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক
ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

By

Published : May 23, 2021, 10:13 PM IST

গুৱাহাটী, ২৩ মে': মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ৰাজ্যৰ ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠকত মিলিত হয় । ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকসকলৰ সৈতে ৰাজ্যৰ ক’ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত পৰ্যালোচনা কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে দহ দিনৰ ভিতৰত বিপদজনক মথাউৰিসমূহৰ শক্তিশালীকৰণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে । বানৰ সময়ত উদ্ধাৰ, সাহাৰ্য ইত্যাদি ক্ষীপ্ৰভাৱে সম্পন্ন কৰিবৰ বাবে আগতীয়াকৈ সকলো ব্যৱস্থা সাজু ৰখাৰ নিৰ্দেশ দিয়ে ।

ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

আনহাতে, চক্ৰ বিষয়াসকলে সদৰ স্থানত থকাতো বাধ্যতামূলক কৰাৰ বাবে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । তদুপৰি খালী হৈ থকা চক্ৰ বিষয়াৰ পদসমূহ শীঘ্ৰে পূৰণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে ।

ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

সেইদৰে আশ্ৰয় শিৱিৰত থকা বানাক্ৰান্তই ঘৰলৈ ওভতি যোৱাৰ সময়ত যাতে প্ৰয়োজনীয় সামগ্ৰী তাৎক্ষণিকভাৱে ক্ৰয় কৰিব পাৰে তাৰ বাবে ৩,৮০০ টকাকৈ তাৎক্ষণিকভাৱে প্ৰদানৰ ব্যৱস্থা ল’বলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । তদুপৰি বানত ক্ষতিগ্ৰস্ত ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ তাৎক্ষণিকভাৱে মেৰামতিৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।

ক'ভিড পৰিস্থিতি আৰু বান ব্যৱস্থাপনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ পৰ্যালোচনা বৈঠক

ক’ভিড কেয়াৰ চেণ্টাৰ, আই চি ইউ বেড আৰু অক্সিজেন বেডৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । আৰ টি পি চি আৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈয়ো নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । এই ক্ষেত্ৰত উপায়ুক্তসকলক প্ৰতিদিনে লক্ষ্য নিৰ্ধাৰিত পদক্ষেপ লোৱাৰ নিৰ্দেশ প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানক নিৰ্দেশনা দিয়ে ।

ক’ভিড পৰিস্থিতিৰ বাবে প্ৰযোজ্য কৰা সান্ধ্য আইন আৰু আন্তঃজিলা পৰিবহনৰ বাধা কঠোৰভাৱে বলৱৎ কৰাৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । উল্লেখ্য যে, বৈঠকত কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক :পেলেষ্টাইনৰ বাবে সাহাৰ্যৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

ABOUT THE AUTHOR

...view details