গুৱাহাটী, ২৯ মে': ৰাজ্যত ৭ জুনৰ পৰা আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই কয়, সামান্য আনলক প্ৰক্ৰিয়া ৭ জুনৰ পৰা সম্ভৱ হ’ব পাৰে, কিন্তু সম্পূৰ্ণ আনলক প্ৰক্ৰিয়া ১৫ জুনৰ ভিতৰত সম্ভৱ নহয় ।
আনহাতে ক'ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, মৃত্যুৰ সংখ্যাৰ ক্ষেত্ৰত প্ৰথম যেতিয়া ক'ভিড হয় তেতিয়া কেচ ধৰা পৰিলেও মানুহৰ মৃত্যু নহয় । কিন্তু শেষৰ ফালে ক'ভিড আক্ৰান্তৰ সংখ্যা কমে কিন্তু মৃত্যুৰ সংখ্যা বাঢ়ে ।
কিন্তু কিছুদিন পাছত মৃত্যুৰ সংখ্যা হ্ৰাস পাব । হাস্পতালত বহু ৰোগীয়ে ১০-১৫ দিন সংগ্ৰাম কৰি থাকে । ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা যেতিয়া দ্ৰুতগতিত কমি যাব তেতিয়া মৃত্যুৰ সংখ্যাও লাহে লাহে কমি যাব ।