গুৱাহাটী, 13 মে':গুৱাহাটীৰ ফাঁচি বজাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা আই ডব্লিউ টি ঘাটত শুকুৰবাৰে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই গুৱাহাটী গেটৱে ঘাট (ফেৰী টার্মিনেল)ৰ আধাৰশিলা স্থাপন কৰে (New ferry terminal at Guwahati fency bazar) । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে দুখন তীখাৰে নিৰ্মিত কেটামাৰন জাহাজৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে এই অত্যাধুনিক ফেৰী টার্মিনেল দেশৰ নদীত স্থাপন কৰা প্ৰথম ফেৰী টার্মিনেল ।
ফেৰী টার্মিনেল নিৰ্মাণৰ বাবে ২৮৯.৪৫ কোটি টকা বিনিয়ােগ কৰা হৈছে । অহা ২৪ মাহৰ ভিতৰত ফেৰী টার্মিনেল নিৰ্মাণ হৈ উঠিব । তেওঁ কয় যে এই ফেৰী টার্মিনেলৰ জৰিয়তে সকলাে ধৰণৰ বতৰত গুৱাহাটী সংলগ্ন ফেৰীঘাট সমূহত সংযােগ তথা সুৰক্ষিত পৰিহণৰ সমন্বয় গঢ়ি তোলা হ'ব । এই ফেৰী টার্মিনেলে ব্রহ্মপুত্র নদীৰ পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব ।
ফেৰী টার্মিনেলত বিশেষভাবে সক্ষম, বয়ােজ্যেষ্ঠ যাত্রী, মহিলা আৰু শিশুৰ বাবে বিশেষ সুবিধাৰ ব্যবস্থা থাকিব । ফেৰী টার্মিনেলত যাত্ৰীৰ বাবে টিকট ঘৰৰ ব্যৱস্থা, দোকান, কেন্টিন, পাকিঙৰ সুবিধা, জিৰণি চ'ৰা আৰু যাত্ৰীৰ স্বাচ্ছন্দ্যতাৰ বাবে সকলােধৰনৰ অত্যাধুনিক সা-সুবিধা থাকিব । যোৱা কেবিনেটত এই ফেৰী টার্মিনেল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাই কয় যে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বিভিন্ন স্থানত ৮ খন তীখাৰে নির্মিত কেটামাৰণ জাহাজ চলাচল কৰি আছে ।