অসম

assam

ETV Bharat / city

মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মিছন স্মাইলৰ চিকিৎসা গ্ৰহণ কৰি থকা শিশুসকলৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Feb 20, 2019, 2:43 PM IST

গুৱাহাটী,২০ ফেব্ৰুৱাৰীঃবুধবাৰে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিছন স্মাইলৰ অধীনত চিকিৎসা গ্ৰহণ কৰি থকা শিশুসকলৰ স্বাস্থ্যৰ বুজ লয়। ২০১৮-১৯ বৰ্ষৰ পৰা মিছন স্মাইলৰ অধীনত চিকিৎসাধীন হৈ থকা প্ৰায় ১০০০ শিশুক দেখা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইপিনে শিশুসকলৰ স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰী সোণোৱালে মিছন স্মাইলৰ সৈতে জড়িত থকা প্ৰতিজন ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰে । লগতে এই শিশুসকলক পৰবৰ্তী সময়ত চিকিৎসক সকলৰ পৰামৰ্শ মৰ্মে আৰু অধিক সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে ২০০৯ চনৰ পৰা বৰ্তমানলৈকে মুঠ ১৯ হাজাৰ ১৫ টা শিশুক মিছন স্মাইলৰ জৰিয়তে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে ৰাজ্য চৰকাৰে ।

ABOUT THE AUTHOR

...view details