অসম

assam

ETV Bharat / city

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আটাছুৰ নৱ নিৰ্মিত সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ - সদৌ টাই আহোম ছাত্ৰ সন্থা

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ জয়ানগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ (All Tai Ahom students union) কেন্দ্ৰীয় কাৰ্যালয়ৰ নৱনিৰ্মিত গৃহ তথা টাই সাংস্কৃতিক উন্নয়ন আৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ জানো আহক এই অনুষ্ঠানত উপস্থিত হৈ কি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

CM Himanta  inaugurates new central office of  ATASU
মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আটাছুৰ নৱ নিৰ্মিত সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ

By

Published : Jan 17, 2022, 9:07 PM IST

গুৱাহাটী, 17 জানুৱাৰী :মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটী মহানগৰীৰ জয়ানগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা (All Tai Ahom students union) ৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ নৱ নিৰ্মিত গৃহ তথা টাই সাংস্কৃতিক উন্নয়ন আৰু গৱেষণা কেন্দ্ৰ আনুষ্ঠানিকভাবে উদ্বোধন কৰে ৷ মুখ্যমন্ত্ৰীয়ে টাই আহোম পৰম্পৰা অনুসৰি ‘বানফী’ পূজা আগবঢ়ায় ৷

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে আটাছুৰ নৱ নিৰ্মিত সাংস্কৃতিক আৰু গৱেষণা কেন্দ্ৰ

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনৰ এক অগ্ৰণী ছাত্ৰ সংগঠন হিচাপে সদৌ টাই আহোম ছাত্ৰ সন্থাই ৰাজ্যখনৰ সামাজিক-সাংস্কৃতিক উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে ৷ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ দিনৰে পৰা টাই আহোম সম্প্ৰদায়ে অসমীয়া জাতিৰ শক্তিশালীকৰণৰ দিশত উল্লেখযোগ্য অৱদান যোগাই আহিছে ৷ এইক্ষেত্ৰত আটাছুৱে এই পৰম্পৰাক আগুৱাই নিয়াৰ দিশত অৰ্থৱহ ভূমিকা পালন কৰি আহিছে ৷

টাই আহোম সম্প্ৰদায়ৰ সৰ্বাংগীণ উন্নয়ন (Development of Tai Ahom Community) ৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই সম্প্ৰদায়ৰ সংস্কৃতি আৰু চহকী ঐতিহ্য সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰিছে ৷ তেওঁ লগতে কয় যে, ধেমাজি জিলাৰ হাবুঙত চলি থকা প্ৰকল্পটো আগন্তুক মে-ডাম-মে-ফীৰ সময়ত জনসাধাৰণৰ বাবে উৎসৰ্গিত কৰা হ’ব ৷ আন এক প্ৰকল্প নাহৰকটীয়াৰ টিপামত গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ৷

মুখ্যমন্ত্ৰীয়ে লগতে আশ্বাস প্ৰদান কৰি কয় যে, আটাছুৰ নৱ নিৰ্মিত কাৰ্যালয়টোৰ অতিৰিক্ত কামৰ বাবে ৰাজ্য চৰকাৰে পুঁজি যোগান ধৰিব । অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Ranoj Pegu), সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিতুল বুঢ়াগোঁহাইকে ধৰি ছাত্ৰ সংগঠনটোৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়-ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰী আৰু বিধায়ক অমিয় ভূঞাৰ বিতৰ্ক সন্দৰ্ভত DGP ক অভিযোগ দাখিল ভূপেন বৰাৰ

ABOUT THE AUTHOR

...view details