অসম

assam

ETV Bharat / city

কামাখ্যা মন্দিৰলৈ প্ৰস্তাৱিত ৰ'পৱেৰ প্ৰকল্পৰ NOC প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

এনএফ ৰে'লৱেৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক । কামৰূপ মেট্ৰ'ৰ উপায়ুক্তক কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ প্ৰস্তাৱিত ৰ'পৱে প্ৰকল্পৰ বাবে তৎক্ষণাৎ প্ৰয়োজনীয় এন অ' চি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে (NOC for Ropeway project to Kamakshya temple) ৷

CM Himanta directed to deliver NOC for Ropeway project to Kamakshya temple
কামাখ্যা মন্দিৰলৈ প্ৰস্তাৱিত ৰ'পৱেৰ প্ৰকল্পৰ NOC প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

By

Published : Feb 14, 2022, 2:13 PM IST

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী:মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এন এফ ৰে'লৱেৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ ৰে'লৱে সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে (Chief Ministers Meeting with NF Railway authority) ৷ বৈঠকত অসম ৰাজ্যিক পৰিবহণ নিগমক পল্টনবজাৰস্থিত গুৱাহাটী ৰে'লৱে ষ্টেচনৰ প্ৰস্তাৱিত দ্বিতীয় প্ৰৱেশ দ্বাৰৰ ক্ষেত্ৰত ভূমি সমস্যা সমাধানৰ বাবে এন এফ ৰে'লৱেৰ সৈতে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

এনএফ ৰে'লৱেৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰে'লৱেৰ ভূমিৰ বেদখলমুক্তকৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট জিলা প্ৰশাসনে প্ৰয়োজন অনুসৰি পদক্ষেপ গ্ৰহণ কৰিব৷ অসম চৰকাৰে ৰাজ্যখনৰ ৰে'লৱে ষ্টেচনৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে ৰে'লৱেক সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়াব। কামৰূপ মেট্ৰ'ৰ উপায়ুক্তক কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ প্ৰস্তাৱিত ৰ'পৱে প্ৰকল্পৰ (Ropeway project to Kamakshya temple) বাবে তৎক্ষণাৎ প্ৰয়োজনীয় এন অ' চি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰিছে ৷

ৰাজ্য চৰকাৰে ৰে'লৱে উৰণ সেতু নিৰ্মাণৰ বাবে প্ৰায় ৮০টা স্থান চিনাক্ত কৰিছে যদিও কিছুমান বাধাৰ বাবে তাৰে মাত্ৰ কেইটামান স্থানৰ কামহে আৰম্ভ হৈছে। লোক নিৰ্মাণ বিভাগক ৰে’লৱে আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মিলি বিষয়টো ত্বৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে ।

উল্লেখ্য যে ৰাজ্যৰ গ্ৰাম্য কৃষি-আধাৰিত অৰ্থনীতি শক্তিশালী কৰাৰ বাবে কিষাণ ৰে'ল চলোৱাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে চৰকাৰে এইক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াব। তদুপৰি ৰে'ল প্ৰকল্পৰ দ্ৰুত কাৰ্যকৰীকৰণ, বি টি আৰ এলেকাত ৰে'লৱে ক’চ কাৰখানা স্থাপন, প্ৰধানমন্ত্ৰী গতি শক্তিৰ মসৃণ ৰূপায়ণ আদিকে ধৰি অন্যান্য বিভিন্ন বিষয় সন্দৰ্ভত চৰকাৰে ৰে'ল মন্ত্ৰ্যালয়ৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মাজুলীত কেনেকৈ সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হ’ল ভুৱন গাম ?

ABOUT THE AUTHOR

...view details