অসম

assam

ETV Bharat / city

সত্য প্ৰমাণিত হ'ল ইটিভিৰ বাতৰি: বিধানসভাত মিত্ৰ হ'ল বিজেপি-বিপিএফ - বিধান সভাত বিপিএফ বিৰোধীৰ আসনত নবহে

যোৱা ২০ জানুৱাৰীত ইটিভি ভাৰতে প্ৰকাশ কৰিছিল বিজেপি আৰু বিপিএফৰ মাজত মিত্ৰতা স্থাপন হোৱাৰ সম্ভাৱনাৰ বাতৰি ৷ দেওবাৰে বিয়লি জনতা ভৱনত বি পি এফৰ তিনি বিধায়ক ক্ৰমে দুৰ্গাদাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু চৰণ বড়োক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই একে কথা (CM Himanta on alliance with BPF) ৷ সবিশেষ জানো আহক ৷

CM Himanta confirmed  BPF will join hands with BJP in assembly
সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰি: বিধানসভাত মিত্ৰ হ'ল বিজেপি-বি পি এফ

By

Published : Jan 23, 2022, 8:15 PM IST

গুৱাহাটী, ২৩ জানুৱাৰী : একমাত্ৰ ইটিভি ভাৰতেই যোৱা ২০ জানুৱাৰীত এই বাতৰি পৰিবেশন কৰিছিল যে, ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে নিজেই বিজেপি আৰু বি পি এফৰ মিত্ৰতাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিব । আমি পৰিবেশন কৰা সেই বাতৰি আজি সত্য প্ৰমাণিত হ'ল । দেওবাৰে বিয়লি জনতা ভৱনত বি পি এফৰ তিনি বিধায়ক ক্ৰমে দুৰ্গাদাস বড়ো, ৰবিৰাম নাৰ্জাৰী আৰু চৰণ বড়োক লগত লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে এতিয়াৰে পৰা বিধানসভাৰ মজিয়াত বি পি এফ আৰু বিৰোধীৰ আসনত নবহে, বহিব চৰকাৰী পক্ষত (CM Himanta on alliance with BPF) ।

অৰ্থাৎ আজিৰে পৰা বিধানসভাত বি পি এফ দল বিজেপিৰ মিত্ৰ হ'ল (BPF to join hands with BJP in assembly)। অতি কৌশলীভাৱে, এই ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে অৱশ্যে লগতে আৰু কয় যে, এই মিত্ৰতা কেৱল বিধানসভাৰ মজিয়াতহে থাকিব । বিজেপি বিধায়িনী দল আৰু বিপিএফ বিধায়িনী দলৰ মাজত । এয়া দল দুটাৰ মাজত ৰাজনৈতিক মিত্ৰতা নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ।

সত্য প্ৰমাণিত হ'ল ই টিভিৰ বাতৰি: বিধানসভাত মিত্ৰ হ'ল বিজেপি-বি পি এফ

বিপিএফ আৰু বিজেপি দলৰ মাজত ৰাজনৈতিক মিত্ৰতা হ’বলৈ হ'লে তাত ইউ পি পি এলকো অন্তৰ্ভুক্ত কৰিব লাগিব বুলিও কয় তেওঁ । কিয়নো, আজিৰ তাৰিখত ইউ পি পি এল চৰকাৰৰ অংশীদাৰ হৈ আছে । আনহাতে, বিপিএফৰ তিনি বিধায়ক চৰকাৰী পক্ষলৈ আহিল যদিও দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সৈতে এতিয়াও ব্যক্তিগত সম্পৰ্ক মধুৰ হৈয়ে আছে বুলিও মুখ্যমন্ত্ৰীয়ে দোহাৰে ।

ইয়াৰোপৰি, বিপিএফ বিধায়িনী দলৰ সৈতে কৰা এই মিত্ৰতাত ইউ পি পি এলৰো সন্মতি আছে বুলি সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । আনহাতে, আগন্তুক ৰাজ্যসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ ভোট বিজেপিক নালাগে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে কংগ্ৰেছৰ বহু বিধায়কে ৰাজ্যসভা নিৰ্বাচনত বিজেপিকেই ভোট দিব । মনকৰিবলগীয়া যে আজি বি পি এফৰ তিনি বিধায়কে শাসকীয় পক্ষত অৱস্থান কৰাত বিধানসভাত এতিয়া বিজেপি আৰু মিত্ৰজোঁটৰ বিধায়কৰ সংখ্যা ৮২ গৰাকীলৈ বৃদ্ধি পালে ।

লগতে পঢ়ক :২২ জানুৱাৰীত বিপিএফ হ’ব চৰকাৰৰ অংশীদাৰ : ETV Bharat Exclusive

ABOUT THE AUTHOR

...view details