অসম

assam

ETV Bharat / city

Operation against traffic rules violation : নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা - এগৰাকী দ্বায়িত্বশীল মুখ্যমন্ত্ৰীৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই

নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ মুখ্য়মন্ত্ৰীক দেখা গ'ল অন্য এটা নতুন ৰূপত ৷ কেৱল কথাৰে নহয়, কামেৰেও এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ পৰিচয় দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শুকুৰবাৰে নিশা মহানগৰীৰ বিভিন্ন ঠাইত যান-বাহন নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক (Himanta Biswa Sarma take action of drive against Drunken Driving Driving) ৷

cm-himanta-biswa-sarma-take-action-of-drive-against-drunken-driving-driving
নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

By

Published : Jan 1, 2022, 12:46 PM IST

গুৱাহাটী, 1 জানুৱাৰী : ৰাজ্যৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ৰাজপথত মুখ্যমন্ত্ৰীয়ে চলালে সুৰাপায়ীৰ বিৰুদ্ধে অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰাকক্ষণৰ পৰাই সুৰা সেৱন কৰি যান-বাহন চলোৱাৰ পৰা বিৰত থাকিবলৈ ৰাজ্যবাসীক আহ্বান জনোৱাৰ লগতে এই নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব বুলি কৈছিল (Traffic rules violation in Assam) ৷

নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

সেই অনুসৰিয়েই আৰক্ষীৰ (Assam police become strict against law breakers) সমান্তৰালকৈ মুখ্যমন্ত্ৰী শৰ্মায়েও 31 ডিচেম্বৰৰ নিশা চলালে সুৰা সেৱনকাৰীৰ বিৰুদ্ধে অভিযান (Himanta Biswa Sarma take action of drive against Drunken Driving Driving) ।

নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

শুকুৰবাৰে নিশা মহানগৰীৰ গণেশগুৰি, ভঙাগড়, উলুবাৰী, গুৱাহাটী ক্লাৱ, চানমাৰি, জু-ৰোড আদিত যান-বাহন নিয়ম ভংগকাৰীৰ বিৰুদ্ধে অভিযান চলোৱা দেখা গ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ৷ লগতে এই সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত আৰক্ষী আৰু জিলা প্ৰশাসনক অভিযান চলাবলৈও নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । বনভোজলৈ যোৱা বাহনৰ চালকসকলে যাতে সুৰা সেৱন কৰি বাহন নচলায়, তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে চালকসকলক পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে ।

নিশা গুৱাহাটীৰ ৰাজপথত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ইফালে শুকুৰবাৰে নিশা চলোৱা এই অভিযানৰ সময়ত সুৰা সেৱন কৰা চালকসকলক মুখ্যমন্ত্ৰীয়ে চানমাৰি থানাৰ আলহী কৰাৰ উপৰিও চালকজনৰ লগত থকা পৰিয়ালটোক উবেৰৰ জৰিয়তে ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে । ইয়াৰোপৰি ৰাজপথত চালক আৰু যাত্ৰী লগত মত-বিনিময় কৰাৰ লগতে সকলোকে নিয়ম মানি চলাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক :বিধায়ক শশীকান্ত দাসক কংগ্ৰেছৰ পৰা নিলম্বন

For All Latest Updates

ABOUT THE AUTHOR

...view details