গুৱাহাটী, 14 ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সৌজন্যত তথা অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈ বিনামূলীয়া খাদী চাৰ্ট আৰু এড়ী চাদৰ বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷
উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে বিত্ত মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলোৱাৰ সময়ছোৱাত ২০১৭-১৮ বৰ্ষৰ বাজেট ভাষণত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকললৈ খাদীৰ পোছাক যোগানৰ বিষয়ে ঘোষণা কৰিছিল ৷ ইয়াৰে প্ৰথম পৰ্যায়ত অসম সচিবালয়, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, সঞ্চালকালয় আৰু অন্যান্য কাৰ্যালয়ৰ ৩৯৩৭ গৰাকী চতুৰ্থ বৰ্গৰ পুৰুষ কৰ্মচাৰী আৰু ৫৩১ গৰাকী মহিলা কৰ্মচাৰীলৈ এই খাদী পোছাক যোগানৰ প্ৰক্ৰিয়া সোমবাৰে আৰম্ভ কৰা হৈছে৷ বাকী থকা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকললৈ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই পোছাক যোগান ধৰা হ’ব ৷
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই পদক্ষেপৰ জৰিয়তে ৰাজ্যখনত খাদীৰ এক জাগৰণ সৃষ্টি কৰাৰ প্ৰয়াস চলোৱা হৈছে৷ মুখ্যমন্ত্ৰীয়ে খাদী ব’ৰ্ডক এক লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায় ৷ ৰাজ্যখনৰ তুলনাত ভাৰতৰ অন্যান্য অঞ্চলত খাদী বস্ত্ৰ তথা সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি হৈছে বুলি উল্লেখ কৰি অসমতো খাদী বস্ত্ৰ তথা সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰিবলৈ তেওঁ আহ্বান জনায় ৷