গুৱাহাটী, ৩১ মে':এখন শক্তিশালী ধঁপাত বিৰোধী আইনৰ দাবীৰে মঙলবাৰে গুৱাহাটীত কনজুমাৰ্চ লিগেল প্ৰটেক্টশ্বন ফৰাম, অসম আৰু কনজুমাৰ্চ ভয়েচ,নতুন দিল্লীৰ উদ্যোগত আৰু অসম চাইকেলিং সন্থা আৰু গুৱাহাটী চাইকেলিং কমিউনিটিৰ সহযোগত চাইক্ল'থন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
এই কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক যুৱ চাইকেলিষ্টক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ লগতে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে ।
ইয়াৰ পূৰ্বে বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সন্মুখৰ পৰা আৰম্ভ হোৱা চাইক্ল'থন কাৰ্যসূচীৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ আই জি পি দেৱৰাজ উপাধ্যায়, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, উপ কৰ আয়ুক্ত ফুলেশ্বৰ বসুমতাৰী আৰু নৰ্থ ইষ্ট কেন্সাৰ ইনষ্টিটিউট এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সঞ্চালক ডাঃ মুনিন্দ্ৰ নাৰায়ণ বৰুৱাই ।