গুৱাহাটী, ২৬ এপ্ৰিলঃৰাজ্যত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ তথা লক ডাউন ফলপ্ৰসূ কৰি তুলিবলৈ মহানগৰ আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শনিবাৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকতেই মহানগৰ আৰক্ষীৰ কামৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই বৈঠকতেই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে চীনৰ পৰা অহা ৩ জন লোকক আৰক্ষীয়ে ২৮ দিনৰ বাবে কোৱাৰেণ্টাইন কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সেই কাৰ্যৰো শলাগ লয় । ইয়াৰ উপৰিও মহানগৰ আৰক্ষীয়ে বে-চৰকাৰী সংস্থা সহিতে প্ৰায় ৫০০০ হাজাৰ দৰিদ্ৰ লোকলৈ গুৱাহাটীত খাদ্যৰ যোগান ধৰাৰ কাৰ্যৰো প্ৰশংসা কৰে ।
আনহাতে শনিবাৰৰ পৰা আৰম্ভ হোৱা ৰমজান মাহ উপলক্ষে নামাজ ইত্যাদি কাৰ্য মুছলমান ধৰ্মাৱলম্বীৰ লোকসকলে ঘৰতে যাতে কৰে তাৰ বাবে ইছলাম সম্প্ৰদায়ৰ লোক থকা অঞ্চল সমূহত মুখ্যমন্ত্ৰীগৰাকীয়ে সজাগতা বৃদ্ধি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী তথা মহানগৰ প্ৰশাসনক ।