গুৱাহাটী, ৯ জুন: সম্প্ৰসাৰণ হ'ল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা । দুজনকৈ নতুন মন্ত্ৰীয়ে শপত লোৱাৰ পাছত ড৹ শৰ্মা মন্ত্ৰীসভাৰ মুঠ মন্ত্ৰীৰ সংখ্যা ১৫জনলৈ বৃদ্ধি পালে । নতুন দুই মন্ত্ৰীৰ ভিতৰত জয়ন্ত মল্ল বৰুৱাক তিনিটাকৈ বিভাগৰ দায়িত্ব দিয়া হৈছে । ইফালে শক্তি বিভাগৰ দায়িত্ব দিয়া হৈছে নন্দিতা গাৰ্লোচাক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হাতত থকা বিভাগসমূহ হ'ল ক্ৰমে গৃহ, কৰ্মচাৰী আৰু লোকনিৰ্মাণ বিভাগ ।
আন মন্ত্ৰীসকলক দায়িত্ব দিয়া বিভাগসমূহ হৈছে -
- ৰঞ্জিত কুমাৰ দাস– পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, সাধাৰণ প্ৰশাসন
- অতুল বৰা– কৃষি, উদ্যান শস্য,পশুপালন , সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ন বিভাগ
- উৰ্খাও গৌৰা ব্ৰহ্ম– হস্ত তাঁত ভূমি সংৰক্ষণ, বড়োলেণ্ড উন্নয়ন
- চন্দ্ৰমোহন পাটোৱাৰী- বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু উন্নয়ন
- পৰিমল শুক্লবৈদ্য– পৰিবহন, মীন, আবকাৰী বিভাগ
- কেশৱ মহন্ত – স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, মেডিকেল এডুকেশ্যন আৰু বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি বিভাগ
- ৰণোজ পেগু– শিক্ষা, জনজাতীয় উন্নয়ন, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সাংস্কৃতিক বিভাগ
- অশোক সিংহাল– হাউচিং আৰু নগৰ উন্নয়ন, জলসিঞ্চন
- যোগেন মহন- ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন,
- সঞ্জয় কিষান- চাহ জনগোষ্ঠী উন্নয়ন, শ্ৰম বিভাগ
- অজন্তা নেওঁগ– বিত্ত, মহিলা আৰু শিশু উন্নয়ন
- পীয়ুষ হাজৰিকা– জলসম্পদ, জনসংযোগ, সামাজিক ন্যায় আৰু সৱলীকৰণ, সংসদীয় পৰিক্ৰমা
- বিমল বৰা– উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা
- নন্দিতা গাৰ্লোচা– শক্তি,সমবায়, খনি আৰু খনিজাত সম্পদ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস তথা সাংস্কৃতিক বিভাগ
- জয়ন্ত মল্ল বৰুৱা– জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু পৰ্যটন।