অসম

assam

ETV Bharat / city

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

'ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ' শীৰ্ষক গ্ৰন্থ উন্মোচনৰ বাবে মাছখোৱা আই আই টিত উপস্থিত হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

ৰঞ্জন গগৈৰ গুৱাহাটীত গ্ৰন্থ উন্মোচন

By

Published : Nov 11, 2019, 3:36 AM IST

Updated : Nov 11, 2019, 8:15 AM IST

গুৱাহাটী, 10 নৱেম্বৰঃবিবাদিত অযোধ্যা ৰায়দানৰ পাচতে গুৱাহাটীত উপস্থিত হ'ল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ৷ মাছখোৱা আই আই টিত অনুষ্ঠিত এক অনুষ্ঠানত 'ভাৰতবৰ্ষৰ আদালতসমূহ : অতীতৰ পৰা বৰ্তমানলৈ' নামৰ গ্ৰন্থখন উন্মোচন কৰে ৰঞ্জন গগৈয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,পৰৱৰ্তী মুখ্য ন্যায়াধীশশৰৎ অৰবিন্দ ব'বডেৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

অনুষ্ঠানত ৰঞ্জন গগৈয়ে মন্তব্য কৰে যে, এয়া তেওঁৰ কাৰ্যকালৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান ৷ এই গ্ৰন্থখন যোৱা বছৰে অন্য ভাষাতো উন্মোচন কৰাৰ কথা জানিবলৈ দিয়ে গগৈয়ে ৷ কিতাপখন আইনৰ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া উচিত বুলি মন্তব্য গগৈৰ ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডে

অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমবাসীৰ বাবে দেওবাৰৰ দিনটো এটা সৌভাগ্যৰ দিন ৷ অনুষ্ঠানত উপস্থিত থকাৰ বাবে ৰঞ্জন গগৈক ধন্যবাদ জ্ঞাপন কৰে সোণোৱালে ৷ অযোধ্যাৰ ৰায়দানক সন্মান প্ৰদৰ্শন কৰা বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অসমীয়ালৈ অনুবাদ হোৱা এই গ্ৰন্থখন এক আপুৰুগীয়া সম্পদ বুলিও কয় সৰ্বানন্দ সোণোৱালে ৷

গ্ৰন্থ উন্মোচনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

এই অনুষ্ঠানত পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰৎ অৰবিন্দ ব'বডেই ভাষণৰ আৰম্ভণিতে তৰুণৰাম ফুকন,ফকৰুদ্দিন আলি আহমেদ,গোপীনাথ বৰদলৈক স্মৰণ কৰে ৷ মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈ এজন শক্তিশালী মনৰ লোক বুলি মন্তব্য কৰে ব'বডেই ৷

গ্ৰন্থ উন্মোচনৰ বাবে গুৱাহাটীত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

লগতে পঢ়কঃ 87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচানৰ

Last Updated : Nov 11, 2019, 8:15 AM IST

ABOUT THE AUTHOR

...view details