অসম

assam

ETV Bharat / city

গুৱাহাটীত দূৰণিবটীয়া বাছৰ নাটনি - etv assam

বাছ আস্থানত ঘন্টাৰ পৰা ঘণ্টা ধৰি বাছৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে বাছ যাত্ৰী । নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত এনেদৰেই নাটনি হৈ পৰিছে যাত্ৰীবাহী বাছ । বাছ নাটনিৰ পূৰ্ণ সুযোগ লৈছে একাংশ গাড়ী চালকে ৷

গুৱাহাটীত দুৰণিবতীয়া বাছৰ নাটনি

By

Published : Apr 22, 2019, 5:51 PM IST

Updated : Apr 22, 2019, 7:52 PM IST

গুৱাহাটী, 22 এপ্ৰিলঃ গুৱাহাটীত এতিয়া দূৰণিবটীয়া বাছৰ নাটনি৷ বাছ আস্থানত আহি ঘন্টাৰ পৰা ঘণ্টা ধৰি বাছৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে বাছ যাত্ৰীসকল। মহানগৰীৰ জালুকবাৰী-আদাবাৰীত পানীত হাঁহ নচৰা অৱস্থা এইসকল যাত্ৰীৰ। নিৰ্বাচনৰ বাবে প্ৰশাসনে বাছ অধিগ্ৰহণ কৰাৰ ফলত এনেদৰেই নাটনি হৈ পৰিছে যাত্ৰীবাহী বাছ।

গুৱাহাটীত দুৰণিবতীয়া বাছৰ নাটনি

ইফালে, বাছ নাটনিৰ পূৰ্ণ সুযোগ লৈছে একাংশ গাড়ী চালকে। সুযোগ বুজি একাংশ বাছ কৰ্তৃপক্ষই বাছৰ ভাড়া দুগুণ লৈ বৃদ্ধি কৰিছে৷ ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত যানবাহন আৰক্ষী তথা পৰিবহন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ একাংশ যাত্ৰীৰ ।

Last Updated : Apr 22, 2019, 7:52 PM IST

ABOUT THE AUTHOR

...view details