গুৱাহাটী, ১৫ অক্টোবৰ :প্ৰায় ৮ মাহৰ অন্তত কেন্দ্ৰীয় চৰকাৰে ১৫ অক্টোবৰত চিনেমা হল খোলাৰ অনুমতি প্ৰদান কৰিলে ৷ কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে কেতবোৰ নিষেধাজ্ঞা বলৱৎ কৰাৰ পৰিপ্ৰেক্ষিতত চিনেমা হলসমূহো বন্ধ হৈ আছিল ৷ লগতে বন্ধ হৈ পৰিছিল বহু লোকৰ উপাৰ্জন পথ ৷
ভাৰতৰ অৰ্থনীতিতো চিনেমা হল বন্ধৰ বিৰূপ প্ৰভাৱ পৰিছিল ৷ সেয়ে দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এক নিৰ্দেশনাৰ জৰিয়তে ১৫ অক্টোবৰৰ পৰা দেশৰ চিনেমা হলসমূহ খুলিবলৈ নিৰ্দেশ দিয়াৰ পাছতো অসমত সেই নিৰ্দেশনা কাগজতে সীমাবদ্ধ থাকিল ৷ কিয়নো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰা চূড়ান্ত নিৰ্দেশনা পত্ৰ লাভ নকৰিলে অসমৰ হলসমূহৰ মালিক সকলে ৷