অসম

assam

By

Published : Jun 25, 2020, 10:14 PM IST

ETV Bharat / city

ৰাজ্যত পুনৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

যিকোনো মুহূৰ্ততে ৰাজ্যত পুনৰ লক ডাউন বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷ জনতা ভৱনত স্বাস্থ্য বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷

chief-minister-sarbananda-sonoal-meeting-with-health-minister-at-guwahati
ৰাজ্যত পুণৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

গুৱাহাটী, ২৫ জুনঃ গুৱাহাটী জনতা ভৱনত স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠন এখন অনুষ্ঠিত হয় ৷ বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেউদিশে ক'ৰণা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ পিছত এতিয়া যিকোনো মুহুৰ্ততে পুনৰ লক ডাউনৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । মণিপুৰৰ পৰা আজি গুৱাহাটীলৈ উভতি অহা স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰে আজি জনতা ভৱনত বৰ্তমান পৰিস্থিতিৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ৰাজ্যত পুণৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

উক্ত বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক কৰ'ণা ভাইৰাছে সৃষ্টি কৰিব পৰা যিকোনো পৰিস্থিতি চম্ভালিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে । মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশে পুনৰ লক ডাউনৰ সম্ভাৱনা প্ৰায় প্ৰকট কৰি তুলিছে ।

ৰাজ্যত পুণৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

মন কৰিবলগীয়া যে, কেৱল গুৱাহাটী মহানগৰীতে যোৱা চাৰি দিনত একেৰাহে প্ৰায় চাৰে তিনিশ লোকৰ শৰীৰত‌ কোভিড-19 পজিটিভ ধৰা পৰিছে ৷ যিসকল লোকৰ দেহত কৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে তেওঁ লোকৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই চৰকাৰ প্ৰশাসনৰ হাতত নায় । উক্ত গুৰুত্বপূৰ্ণ বৈঠকখনত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত আছিল ।

লগতে পঢ়ক- ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ

ABOUT THE AUTHOR

...view details