গুৱাহাটী,20 মেঃ দিহিং পাটকাই অভয়াৰণ্যৰ বাতৰিয়ে বিভিন্ন সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছতেই সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক দিহিং পাটকাই অভয়াৰণ্য ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷
দিহিং পাটকাইৰ পৰিস্থিতি বুজ ল'বলৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ - দিহিং পাটকাই অভয়াৰণ্য
দিহিং পাটকাই অভয়াৰণ্যত বহু মুল্যবান গছ-গছনি ধ্বংস কৰাৰ বাতৰি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অতি শীঘ্ৰে পৰিস্থিতিৰ বুজ লবলৈ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিয়ে ৷
![দিহিং পাটকাইৰ পৰিস্থিতি বুজ ল'বলৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7279878-thumbnail-3x2-cm2.jpg)
দিহিং পাটকাই অভয়াৰণ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ ল'বলৈ পৰিৱেশ আৰু বনমন্ত্ৰী শ্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াক নিৰ্দেশ দিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসমৰ উন্নয়নৰ সমান্তৰালভাৱে আমাৰ চহকী বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবেও চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। শেহতীয়াকৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাতৰিয়ে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱাৰ সময়তে টুইটাৰ যোগে এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক- ঈদত সমূহীয়া নামাজ অনুষ্ঠিত নকৰিবলৈ আহ্বান বিধায়কৰ