অসম

assam

ETV Bharat / city

Cheque for micro finance loan borrower : মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 25 হাজাৰ টকাৰ চেক - শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ

শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত এক চেক প্ৰদান কাৰ্যসূচী(Cheque distribution program in sivasagar)ত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা উপস্থিত থাকে ৷ ইতিমধ্যে মাইক্ৰ'ফাইনেঞ্চ কোম্পানী সমূহৰ ওচৰত ঋণী হৈ থকা অসমৰ প্ৰায় 12 লাখ মহিলাক চৰকাৰে সকাহ দিয়াৰ পৰ্ব আৰম্ভ হৈছে । এই পৰ্বৰ আৰম্ভণিৰ প্ৰথম পৰ্যায়ত ৰাজ্যৰ আঠখন জিলাক এই অভিযানত সামৰি লোৱা হৈছে । এই জিলা সমূহ হ'ল - শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট ।

chief-minister-himanta-biswa-sarma-present-at-sivasagar
Chief Minister Himanta Biswa Sarma : শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 25 হাজাৰ টকাৰ চেক

By

Published : Nov 28, 2021, 7:37 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : শনিবাৰে অসম চৰকাৰৰ বিত্ত বিভাগ আৰু শিৱসাগৰৰ জিলা প্ৰশাসনে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত শনিবাৰে এক চেক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰে(Cheque distribution program in sivasagar) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা ৷ লগতে উপস্থিত থাকে অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰিকা আৰু অশোক সিংঘালো উপস্থিত থাকে ৷

ইতিমধ্যে অসম চৰকাৰে মাইক্ৰ'ফাইনাঞ্চ কোম্পানী সমূহৰ ওচৰত ঋণী হৈ থকা অসমৰ প্ৰায় 12 লাখ মহিলাক চৰকাৰে সকাহ দিয়াৰ পৰ্ব আৰম্ভ কৰিছে । জানিব পৰা মতে প্ৰথম পৰ্যায়ত ৰাজ্যৰ আঠখন জিলাক এই অভিযানত সামৰি লোৱা হৈছে । এই জিলা সমূহ হ'ল শোণিতপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু গোলাঘাট ।

Chief Minister Himanta Biswa Sarma : শিৱসাগৰত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে 25 হাজাৰ টকাৰ চেক

শিৱসাগৰত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কয় যে(CM Himanta Biswa Sarma on Micro finance loan) প্ৰথম পৰ্যায়ত এই আঠোখন জিলাৰ যিসকলে নিয়মীয়াকৈ মাইক্ৰ'ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰি আছে সেইসকল মহিলাকহে চৰকাৰে সৰ্বাধিক 25 হাজাৰকৈ টকাৰ চেক প্ৰদান কৰিব ৷ এই দুয়োটা পৰ্যায়তে চৰকাৰৰ ব্যয় হ’ব প্ৰায় সাত হাজাৰ কোটি টকা । এয়া অসমৰ মাতৃ সমাজৰ বাবে চৰকাৰৰ এক উপহাৰ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৷

এই অনুষ্ঠানত জিলাখনৰ মুঠ 16 গৰাকী মহিলাক নিজহাতে 25,000 টকাৰ চেক আগবঢ়াই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সম্প্ৰতি জিলাখনৰ প্ৰায় 59,468 গৰাকী মহিলাকহে এই চেক প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ লগতে এই সভাত মুঠ 5024 গৰাকী মহিলাক 15 টা বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ চেক প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক :ঋণ মঞ্জুৰ নোহোৱাৰ বাবে BAJAJ ফাইনেন্সৰ বিষয়াক হত্যাৰ চেষ্টা

ABOUT THE AUTHOR

...view details