অসম

assam

ETV Bharat / city

অসমত প্ৰতিদিনে ৩ লাখ লোকক দিয়া হ’ব ক’ভিড প্ৰতিষেধক - himanta bishwa sharmas press meet

ক'ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া । সোমবাৰৰ পৰা প্ৰতিদিনেই ৩ লাখ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য । পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব প্ৰতিষেধক । টীকাকৰণ কেন্দ্ৰ(Vaccine Centre)তে হ’ব অনলাইন পঞ্জীয়ন(Online registration) । লগতে প্ৰতিষেধক কেন্দ্ৰত নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব ।

Chief Minister Himanta Bishwa Sharma's Press meet at Janata Bhavan
জনতা ভৱনত পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন

By

Published : Jun 19, 2021, 12:24 PM IST

Updated : Jun 19, 2021, 5:23 PM IST

গুৱাহাটী, ১৯ জুন : ৰাজ্যৰ ক'ভিড পৰিস্থিতি আৰু ভেকচিন(Covid Vaccine) সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanata Biswa Sarma) শনিবাৰে পুৱাই জনতা ভৱন (Janata Bhawan)ৰ নিজা কাৰ্যালয়ৰ সন্মুখত এখন সংবাদমেল সম্বোধন কৰে । ভেকচিন সন্দৰ্ভত জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু আন বিষয়াৰে ভিডিঅ' কনফাৰেঞ্চ(Video conference)ৰ যোগেদি আলোচনাত বহাৰ পাছত মুখ্যমন্ত্রীয়ে সম্বোধন কৰে এই সংবাদমেল ।

সংবাদমেলত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, 'সোমবাৰৰ পৰা ৰাজ্যত প্ৰতিদিনে তিনি লাখ লোকক ক’ভিড প্ৰতিষেধক(Covid Vaccine) প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে(State Government) । পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ'ব প্ৰতিষেধক । দুটা ছিফ্টত চলিব ক’ভিড প্ৰতিষেধক (Covid Vaccine)ৰ কাম । গাঁৱত এটা ছিফ্টত প্ৰতিষেধক দিয়া হ'ব। সেইদৰে ১৮ বছৰ নাইবা ৪৫ বছৰ বুলি কোনো ধৰা-বন্ধা নাথাকিব ।’

২১ জুলাইৰ পৰা সকলো প্ৰতিষেধক ভাৰত চৰকাৰে প্ৰদান কৰিব । ২১ জুনৰ পৰা অসম চৰকাৰে আৰু ক’ভিড প্ৰতিষেধক(Covid Vaccine) ক্ৰয় কৰিব নালাগে । মুখ্যমন্ত্রীয়ে লগতে কয় যে, 'সোমবাৰৰ পৰা প্ৰতিদিনেই ৩ লাখ লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্যৰে এমাহত ৯০ লাখ লোকক প্ৰদান কৰা হ'ব প্ৰতিষেধক ।

এতিয়ালৈ প্ৰায় ৫০ লাখ লোকক দিয়া হৈছে ক’ভিড প্ৰতিষেধক(Covid Vaccine) । শুকুৰবাৰে এক লাখ লোকক প্ৰতিষেধক দিবলৈ সক্ষম হৈছো । ইয়াৰ পূৰ্বে এটা দিনত ৯২ হাজাৰ লোকক প্ৰতিষেধক দিবলৈ সক্ষম হৈছিলো । তিনি লাখ লোকক এটা দিনত প্ৰতিষেধক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২ লাখ ৬০ হাজাৰ প্ৰতিষেধক দিব পাৰিলে ভাৰত চৰকাৰে তিনি লাখ প্ৰতিষেধক প্ৰদান কৰিব । সোমাবৰৰ পৰা প্ৰথমৰ লগত দ্বিতীয় ড'জৰো প্ৰতিষেধক দিয়া হ'ব ।

আনহাতে টীকাকৰণ কেন্দ্ৰতে হ’ব অনলাইন পঞ্জীয়ন(Online registration) । ইয়াৰ বাবে এজন লোক নিয়োগ কৰা হ'ব । আনহাতে প্ৰতিষেধক কেন্দ্ৰত নিয়োজিত চিকিৎসাকৰ্মীক দৈনিক ১০০ টকাকৈ দিয়া হ'ব ।' মুখ্যমন্ত্রীয়ে চৰকাৰী কৰ্মচাৰীসকলক প্ৰতিষেধক লোৱাৰ বাবে আহ্বান জনায়, যাতে কৰ্মচাৰীসকলে নিয়মীয়াকৈ কাৰ্যালয়লৈ যাব পাৰে । আনহাতে অভিভাৱক মন্ত্রী আৰু সচিবসকলে সাত দিন নিজৰ নিজৰ জিলাসমূহত অভিযান চলাব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে বিজেপি(BJP), এজিপি(AJP) আৰু ইউ পি পি এল(UPPL)ৰ কৰ্মকতাক প্ৰতিষেধক কেন্দ্ৰত স্বেচ্ছাসেৱক হিচাপে কাম কৰাৰ বাবে আহ্বান জনায় । উল্লেখ্য যে, এই ভেকচিন কাৰ্যসূচীক ‘বৰ্ধিত টীকাকৰণ অভিযান’ নামেৰে নামাকৰণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : ৰূপজ্যোতি কুৰ্মীৰ পদত্যাগ: কাৰ কি প্ৰতিক্ৰিয়া

Last Updated : Jun 19, 2021, 5:23 PM IST

ABOUT THE AUTHOR

...view details