ছয়গাঁও,7 জুলাইঃ যি সময়ত মানুহে নিজেই পূৰ্ণগতিত প্ৰকৃতিৰ ধ্বংসকাৰ্যত লিপ্ত হৈছে তেনে এক সময়তে ছয়গাঁৱৰ এজন উদ্যমী যুৱক হৈ পৰিছে আন বহুতৰ বাবে এক উদাহৰণ । অঞ্চলটোৰ ঠাকুৰপাৰাৰ দেৱজিৎ কলিতা নামৰ যুৱকজনে নিজাববীয়া প্ৰচেষ্টাত আৰম্ভ কৰিছে এক দীঘলীয়া বৃক্ষৰোপণ কাৰ্যসূচীৰ । দেওবাৰে বন মহোৎসৱৰ শেষৰ দিনা ছয়গাঁও চহৰৰ মাজমজিয়াত তথা ১৭ নং ঘাই পথৰ কাষত প্ৰবক্তা উপেন ডেকাৰ সৈতে দুটি গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰা হয় বৃক্ষৰোপণ অভিযানৰ । বৃহত্তৰ ছয়গাঁও অঞ্চলত ৫০০০ হেজাৰ গছপুলি ৰোপণৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানৰ প্ৰথম দিনাই ৰোপণ কৰা হয় দুশটা গছপুলি ।
গছৰ বন্ধু দেৱজিত কলিতা - বৃক্ষৰোপণ
গাঁঠিৰ ধন ভাঙি অকলেই ছয়গাঁৱৰ যুৱকে আৰম্ভ কৰিছে বৃক্ষৰোপন অভিযান । লক্ষ্য ৫০০০ হেজাৰ গছ পুলি ৰোপণ ।
গছৰ বন্ধু দেৱজিত কলিতা
যি সময়ত জলবায়ুৰ পৰিৱৰ্তনে প্ৰাকৃতিক পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাইছে সেই সময়ত দেৱজিৎকলিতাৰ দৰে নতুন প্ৰজন্মৰ যুৱকৰ গছপুলি ৰোপণ তথা পৰিৱেশৰ প্ৰতি যি সজাগতা তাৰ সলাগ লৈছে বৃহত্তৰ ছয়গাঁও অঞ্চলৰ ৰাইজে । তেওঁলোকৰ স্পষ্ট মত সমাজত আৰু সৃষ্টি হওঁক দেৱজিৎ কলিতাৰ দৰে যুৱক ।