এসাজ খাই এসাজ লঘোণ দিয়া এটা বান শিবিৰ - govt of assam
ছয়গাঁৱৰ গৰৈমাৰীৰ বান শিবিৰত দেখা দিছে তীব্ৰ খাদ্য সংকটে ৷ কেৱল আলু পিটিকা ভাত খাই পাৰ কৰিছে দিন ৷ দুৰ্দিনত বানাক্ৰান্তক সাহায্য দিবলৈ আহৰি নাই চৰকাৰৰ ৷ বানৰ পাছত এতিয়া মহামাৰীৰ ভয়ত শংকিত ৰাইজ ৷
ছয়গাঁৱ, ২০ জুলাই : অনিদ্ৰা অনাহাৰে দিন কটাইছে গৰৈমাৰীৰ টপাৰপথাৰ ডাঃ জাকিৰ হুছেইন হাইস্কুলত স্থাপন কৰা আশ্ৰয় শিবিৰৰ বানাক্ৰান্তই ৷ এসাজ খাই এসাজ লঘোণ দি কোনোমতে চলাই গৈছে প্ৰত্যক দিনাৰ জীৱন সংগ্ৰাম ৷ যি সাজ ভাত খাইছে সেই সাজতো নাই দাইল তৰকাৰী,আলু পিটিকাই বানাক্ৰান্তৰ প্ৰতিসাজ ভাতৰ ব্যঞ্জন ৷ এতিয়ালৈকে কোনোধৰণৰ চৰকাৰী সাহায্য পোৱা নাই শিবিৰত ৷ বানৰ পাছত এতিয়া মহামাৰীৰ চিন্তাই নিদ্ৰা হৰিছে শিবিৰবাসীৰ ৷ নিতৌ শিবিৰটোত থকা বিশেষকৈ শিশু আৰু বৃদ্ধ সকলৰ মাজত দেখা দিছে নানা ধৰণৰ বেমাৰ আজাৰে ৷ কিন্তু এতিয়ালৈকে আশ্ৰয় শিবিৰটোত উপস্থিত হোৱা নাই কোনো চিকিৎসকৰ দল ৷ কেৱল আশ্ৰয় শিবিৰ পাতিয়েই দায়িত্ব সামৰা স্থানীয় প্ৰশাসনক উক্ত শিবিৰটোত খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে চিকিৎসা সাহায্য আগবঢ়াবলৈ বানাক্ৰান্ত লোকসকলে অনুৰোধ জনাইছে ৷