গুৱাহাটী, 9অক্টোবৰ :আজিৰে পৰা প্ৰত্যাহাৰ হ'ল সদৌ অসম মটৰ পৰিবহণ সন্থাৰ চকা বন্ধ কাৰ্যসূচী। বৃহস্পতিবাৰে অসম চৰকাৰ আৰু পৰিবহণ সন্থাৰ মাজত কেইবাটাও বিষয় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত কেতবোৰ নীতি নিৰ্দেশনা বান্ধি চৰকাৰে চিটি বাছ, যাত্ৰীবাহী বাছ চলাবলৈ সন্থা সমূহক আহ্বান জনায় ।
চকা বন্ধ প্ৰত্যাহাৰ, গুৱাহাটীত আৰম্ভ চিটি বাছ সেৱা - মটৰ পৰিবহন সন্থা
ভাড়া বৃদ্ধিৰ পৰিৱৰ্তে ১০০ শতাংশ যাত্ৰীৰে গাড়ী চলোৱাৰ অনুমতি প্ৰদান কৰা ৰাজ্য চৰকাৰৰ। ইতিমধ্যে চৰকাৰৰ লগত বুজাবুজিৰ মাজেৰে চকা বন্ধৰ সিদ্ধান্ত বাতিল কৰে পৰিবহণ সন্থাই।
বিগত লক ডাউনৰ সময়চোৱাৰ পৰাই যাত্ৰীবাহী বাহন সমূহৰ চলাচল বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দাবীৰে অনিৰ্দিষ্টকাললৈ চকা বন্ধৰ কাৰ্যসূচী হাতত লৈছিল মটৰ পৰিবহন সন্থায় । তাৰোপৰি ভাড়া বৃদ্ধিৰ ক্ষেত্ৰতো সন্থাই দাবী জনাই আছিল । অৱশ্যে ভাড়া বৃদ্ধিৰ পৰিৱৰ্তে ১০০ শতাংশ যাত্ৰীৰে গাড়ী চলোৱাৰ অনুমতি প্ৰদান কৰা ৰাজ্য চৰকাৰে। এনেদৰে চৰকাৰৰ লগত বুজাবুজিৰ মাজেৰে চকা বন্ধৰ এই সিন্ধান্ত বাতিল কৰিলে পৰিবহণ সন্থাই। সেই অনুসৰি শুকুৰবাৰৰ পৰা চিটি বাছ তথা দূৰণীবটীয়া বাছসমূহ চলাচল কৰে ।
ইফালে গুৱাহাটী মহানগৰীতো ১০০ শতাংশ যাত্ৰীৰে প্ৰতিখন যাত্ৰীবাহী বাহন চলাচল কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে মাস্ক পৰিধান বাধ্যতামূলক, ছেনিটাইজাৰ ব্যৱহাৰ, পূৰ্বৰ ভাড়া বাহাল ৰখাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। এতিয়া বাছ সমূহৰ চালক পৰিচালক সকলে এনে নিয়ম কিমান দূৰ প্ৰযোজ্য কৰে সেয়াহে হ'ব লক্ষণীয় বিষয় ।