নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে এক নতুন বিষয় ৷ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা হৈছে এটা মহিলা অধ্যয়ন কেন্দ্ৰ ৷ 2020-21ৰ শিক্ষাবৰ্ষৰ বাবে ইতিমধ্যেই মুকলি কৰা হয় কেন্দ্ৰটো ৷
কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক; অধ্যাপক তিলোত্তমা মিশ্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক; অধ্যাপক দিগন্ত কুমাৰ দাস, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক; ডাঃ সঞ্জয় কুমাৰ দত্তৰ লগতে বহুকেইগৰাকী অধ্যাপক তথা বিশিষ্ট ব্যক্তি ৷