নিউজ ডেস্ক, 7 অক্টোবৰ :কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰি তুলিছে নাগা শান্তি চুক্তিৰ খচৰা ৷ নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন আৰু অন্যান্য গোটসমূহৰ সৈতে স্বাক্ষৰ কৰিবলগীয়া এই চুক্তিৰ খচৰা ইতিমধ্যেই সম্পূৰ্ণ কৰিছে ভাৰত চৰকাৰে ৷ নগা বিদ্ৰোহী সংগঠন এনএছচিএন (আই এম)এ চুক্তিত স্বাক্ষৰ কৰিব নে নকৰে তাক স্পষ্ট কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰই ৷
কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠনসমূহৰ উপৰিও সামাজিক গোট আৰু চৈধ্যটা জনগোষ্ঠীৰ সৈতে এই চুক্তি সম্পন্ন কৰিব ৷ ৰাজ্যখনৰ সাতটা বিদ্ৰোহী সংগঠনৰ প্ৰতিনিধিৰে গঠিত নাগা নেশ্বনেল পলিটিকেল গ্ৰুপে এই খচৰাত সন্মতি প্ৰদান কৰিছে ৷
আনহাতে কেন্দ্ৰই এনএছচিএন (আই এম)ৰ পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবীক সম্পূৰ্ণৰূপে নাকচ কৰি ইয়াক মানি লোৱা নহ'ব বুলি স্পষ্ট কৰিছে ৷
বৰ্তমান সময়ত নগাসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া আন্দোলনৰ আলোচনা বিচাৰি দাবী জনাই আহিছে ৷ নগাসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৃথক সংবিধান আৰু পৃথক পতাকা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে ৷ নগাসকলৰ সশস্ত্ৰ বিদ্ৰোহৰ গুৰিধৰোতা এনএছচিএন (আইএম)এ 1997 চনৰ পৰাই যুদ্ধবিৰতিত আছে ৷ 2015 চনৰ 3 আগষ্টত "নগা ফ্ৰেমৱৰ্ক"ত উপনীত হৈছিল ৷ নগা শান্তি আলোচনাৰ বাবে ভাৰত চৰকাৰে নিযুক্ত কৰা মধ্যস্থতাকাৰী তথা নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবি আৰু নগা নেতাসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে ৷ 2019ৰ জুন মাহত দুয়োপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত হৈছিল ৷ কিন্তু আলোচনাত নগাই বিচৰা ধৰণে অসম, অৰুণাচল, মণিপুৰ আৰু অৰুণাচলৰ কোনো অংশই শান্তি আলোচনাৰ গণ্ডীলৈ নাহিব বুলি স্পষ্টভাৱে প্ৰকাশ কৰিছিল কেন্দ্ৰই ৷
লগতে পঢ়ক :খ্ৰীষ্টমাছৰ পূৰ্বেই নগাচুক্তিৰ আলোচনা