গুৱাহাটী, 30 ডিচেম্বৰ : নগাসকলৰ AFSPA ৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ (Demand to Repeal AFSPA) ৰ পাচতো কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডত পুনৰ ছমাহলৈ বাহাল থাকিব সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) চমুকৈ AFSPA । বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰা এক অধিসূচনা যোগে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে (Centre extends afspa for six months in nagaland despite opposition by locals) ৷
আনহাতে, প্ৰতি 6 মাহৰ মূৰে মূৰে নাগালেণ্ডত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰৱৰ্তন কৰা হয় (AFSPA extended every six months) ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত সপ্তাহত নাগালেণ্ডত AFSPA ৰ প্ৰয়োজনীয়তা আছে নে নাই, তাৰ বিষয়ে পৰ্যালোচনা কৰিব এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়ে (Union Home Minister Amit Shah had last week instituted a highlevel committee) ৷ এই কমিটিখনে 45 দিনৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব ৷
উল্লেখ্য যে, নাগালেণ্ডৰ মন জিলাৰ তিৰু আৰু ওটিং নামৰ গাঁও দুখনৰত বিগত 4 ডিচেম্বৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল 14 জনকৈ নিৰীহ নগা লোক ৷ গোপন সূত্ৰৰ পম খেদি নিৰাপত্তাৰক্ষীয়ে মন জিলাৰ তিৰু গাঁৱত যুৱককেইজনক এন এছ চি এন (NSCN) ৰ সদস্য বুলি সন্দেহ কৰি অতৰ্কিতে আক্ৰমণ কৰিছিল ৷