অসম

assam

By

Published : May 24, 2022, 10:57 PM IST

ETV Bharat / city

Flood relief : ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত কেন্দ্ৰই বঞ্চনা কৰিছে অসমক !

কেন্দ্ৰীয় সাহায্যৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত অসমক কৰা হৈছে বঞ্চনা । কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে অসমক ২০২১-২২ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত ফুটাকড়িও দিয়া নাই । ইয়াৰ বিপৰীতে গুজৰাটক ১০০০ কোটি টকা, ঝাৰখণ্ডক ২০০ কোটি টকা, কর্ণাটকক ৬২৯.০৩ কোটি টকা, মহাৰাষ্ট্ৰক ৭০১ কোটি টকা, ওড়িষ্যাক ৫০০ কোটি টকা, তামিলনাডুক ২১৩.৫১ কোটি টকা আৰু পশ্চিমবংগক ৩০০ কোটি টকা মোকলাই দিছে । সমগ্ৰ ভাৰতৰ ভিতৰত অসমত বানপ্ৰৱণ এলেকা বেছি । বছৰে গড়ে ২৯ লাখ হেক্টৰ ভূমিত বান হয় ৷

Centre deprived Assam in case of fund release of NDRF
Centre deprived Assam in case of fund release of NDRF

গুৱাহাটী, ২৪ মে': প্ৰত্যেক বছৰ বানে ৰাজ্যবাসীক জুৰুলা কৰাৰ লগতে ৰাজ্যখনৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে (Flood in Assam)। এইবাৰো ভয়াৱহ বানৰ কৱলত পৰিছে ৰাজ্য । কিন্তু বানবিধ্বস্ত ৰাজ্যখনক সকাহ দিয়াৰ ক্ষেত্রত কেন্দ্ৰই সদায়ে কৃপণালি কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰে অসমক ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি শিতানত কমকৈ হ'লেও নিয়মীয়াকৈ পুঁজি দি আহিছে যদিও ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ শিতানত পুঁজি মোকলাই দিয়া নাই (Central fund for Assam during disaster)।

কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে অসমক ২০২১-২২ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত ফুটাকড়িও দিয়া নাই (National disaster relief fund for Assam)। ২০২২-২৩ চনতো ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজি শিতানত অসমক পুঁজি দিবৰ বাবে আনুষ্ঠানিক অনুমোদন দিয়া নাই । কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্রণালয়ৰ তথ্যত অসমক ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ শিতানত সাহায্য দিয়াৰ ক্ষেত্ৰত কৰা বঞ্চনাৰ দিশটো উন্মোচিত হৈছে ।

উল্লেখ্য যে, ভাৰতৰ সংবিধানৰ ২৮০ নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক দুর্যোগ সাহায্য পুঁজি আৱণ্টন দিয়ে । বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰই ৰাজ্যসমূহক দুর্যোগ সাহায্য পুঁজি দিবলৈ বাধ্য । সংবিধানৰ নিৰ্দিষ্ট অনুচ্ছেদৰ ভিত্তিত ৰাজ্যসমূহক কেন্দ্রই সহায় কৰে । তেনে ব্যৱস্থাৰ ভিত্তিতেই অসমক কেন্দ্ৰীয় চৰকাৰৰ অংশৰ পৰা ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি মোকলাই দি আহিছে ।

গৃহ মন্ত্রণালয়ৰ তথ্য মতে, কেন্দ্ৰই ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি শিতানত অসমক ২০১৮-১৯ চনত ৪৭৮.৮০ কোটি টকা, ২০১৯-২০ চনত ৫০৩.১০ কোটি টকা, ২০২০-২১ চনত ৭৭২ কোটি টকা আৰু ২০২১-২২ চনত ৬১৭.৬০ কোটি টকা মোকলাই দিছে । ২০২০-২১ চনৰ তুলনাত অসমক ২০২১-২২ চনত প্রায় ১৬০ কোটি টকা কমকৈ মোকলাই দিয়া হৈছে ।

অসমত বানপ্ৰৱণ এলেকা বেছি যদিও অন্য বহু ৰাজ্যৰ তুলনাত ৰাজ্যিক দুর্যোগ সাহায্য শিতানত কমকৈ টকা দিয়া হয় । বছৰে গড়ে ৫ লাখ হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে পথ, গৃহকে ধৰি শ শ কোটি টকাৰ আন্তঃগাঁথনি ধ্বংস হয় বানত । তাৰ পাছতো দেশৰ কম বান প্ৰৱণ এলেকাতকৈ অসম ৰাজ্যিক দুর্যোগ সাহায্য পুঁজি শিতানত কমকৈ ধন দি থকা হৈছে ।

আনহাতে, কমকৈ হ'লেও অসমক ৰাজ্যিক দুর্যোগ সাহায্য শিতানত পুঁজি বছৰে বছৰে দি থকা হৈছে যদিও ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত অসমক কেন্দ্ৰই বঞ্চনা কৰি আহিছে । তথ্য মতে, ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত অসমক ২০২১-২২ চনত ফুটাকড়িও দিয়া হোৱা নাই । ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত অসমক ২০২০-২১ চনত ৪৪.৩৭ কোটি টকা কেন্দ্রই মুকলি কৰি দিছিল । কিন্তু ২০১৮-১৯ আৰু ২০১৯-২০ চনত অসমক এই শিতানত এটকাও দিয়া নাছিল । লক্ষ্যণীয় বিষয় যে, ২০২১-২২ চনত অসমক ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত এটকাও দিয়া হোৱা নাছিল যদিও উক্ত শিতানত কেন্দ্ৰই আন ৰাজ্যক বুজন পৰিমাণৰ পুঁজি প্ৰদান কৰিছে ।

ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত কেন্দ্ৰই গুজৰাটক ১০০০ কোটি টকা, ঝাৰখণ্ডক ২০০ কোটি টকা, কর্ণাটকক ৬২৯.০৩ কোটি টকা, মহাৰাষ্ট্ৰক ৭০১ কোটি টকা, ওড়িশাক ৫০০ কোটি টকা, তামিলনাডুক ২১৩.৫১ কোটি টকা, পশ্চিমবংগক ৩০০ কোটি টকা মোকলাই দিছে ।

তথ্য মতে, সমগ্ৰ ভাৰতৰ ভিতৰত অসমত বানপ্ৰৱণ এলেকা বেছি । বছৰে গড়ে ২৯ লাখ হেক্টৰ ভূমিত বান হয় । অসমৰ তুলনাত মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক আদি ৰাজ্যত বানপ্ৰৱণ এলেকা কম । অসমতকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰতহে বানপ্ৰৱণ এলেকা বেছি । তাৰ পাছতো ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য পুঁজিৰ ক্ষেত্ৰত প্ৰত্যেক বছৰে অসমক বঞ্চনা কৰি অহা হৈছে ।

বিহাৰ, জম্মু-কাশ্মীৰ আদি ৰাজ্যত স্বয়ং প্রধানমন্ত্রী পর্যায়তে পর্যালোচনা কৰি ৫০০ ৰ পৰা ১০০০ কোটি টকাৰ পেকেজ দিয়া হয় । অসমত কেন্দ্ৰীয় নেতৃত্বৰ পর্যালোচনাও নাই, বিশেষ পেকেজৰো ব্যৱস্থা কৰা হোৱা নাই । লক্ষ্যনীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত ২০১৮-১৯ চনত অসমক বাদ দি বাকী ৰাজ্যসমূহৰ মাজত ১০ হেজাৰ কোটি টকা, ২০১৯-২০ চনত ১৮৫৩০ কোটি টকা আৰু ২০২১-২২ চনত ৩৫৪৩ কোটি টকা দিছিল ।

আনহাতে ২০২০-২১ চনত অসমক ৪৪.৩৭ কোটি টকা দিয়াৰ বিপৰীতে আন ৰাজ্যসমূহক ৮২৫৭ কোটি টকা দিছিল । ইয়াৰ দ্বাৰা এই কথা স্পষ্ট ৰূপত প্ৰমাণ হয় যে ৰাষ্ট্ৰীয় দুর্যোগ সাহায্য শিতানত কেন্দ্ৰই অসমক বঞ্চনা কৰি আহিছে ।

লগতে পঢ়ক :বানৰ মাজতে কৃষিৰ উন্নয়ন চাবলৈ আহিল পৰিয়ালসহ সাংসদৰ দল

ABOUT THE AUTHOR

...view details