গুৱাহাটীত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু
এক দেশ এক আইনবাণীৰে ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰিব মন্ত্ৰীগৰাকীয়ে ৷
গুৱাহাটী, 22 ছেপ্তেম্বৰ: দেওবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজুজু ৷ এক দেশ এক আইন বাণীৰে কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ 370 বাতিলৰ পাছত দেশত একতা আৰু শান্তি অটুট ৰখাৰ বাবে ৰাজ্যৰ বিভিন্ন স্তৰৰ বিশিষ্ট ব্যক্তিক সাক্ষাতৰ উদ্দেশ্যে মন্ত্ৰীজনে এই কাৰ্যসূচী হাতত লৈছে ৷ পোন প্ৰথমে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলিৰ সীজুবাৰীস্থিত বাসগৃহত উপস্থিত হৈ আলিৰ সৈতে মত-বিনিময় কৰি মন্ত্ৰী গৰাকীয়ে অনুচ্ছেদ 370 বাতিলৰ ফলত কাশ্মীৰ কি দৰে উন্নয়নৰ দিশত আগুৱাই যাব তাৰ বিষয়ে তেওঁক অৱগত কৰে ৷ ইয়াৰ পাছতে পোনে পোনে শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ ঘৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰীগৰাকীৰ এই যাত্ৰাকালত তেওঁক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
TAGGED:
মন্ত্ৰী