অসম

assam

ETV Bharat / city

সীমা বিবাদ : মীমাংসাৰ বাবে শীঘ্ৰেই আহি আছে অমিত শ্বাহ - border disppute news

চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা বিবাদ BORDER PROBLEM) নিস্পত্তিৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ জুলাই(july Month) মাহৰ মধ্যভাগত অসম (Assam)লৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Home Minister) । উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিস্পত্তি কৰাৰ বাবে অসম আৰু উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকল (Noerth East Chief Minister)ৰ সৈতে এক বৈঠকত ভাগ ল'ব গৃহমন্ত্ৰী গৰাকীয়ে ।

Central Home Minister amit shah Will Come Again in Assam
সীমা বিবাদঃ মীমাংসাৰ বাবে আহি আছে অমিত শ্বাহ

By

Published : Jun 19, 2021, 10:16 PM IST

গুৱাহাটী, 19 জুন : অসমৰ সৈতে চলি থকা চুবুৰীয়া কেইবাখনো ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পত্তিৰ সূত্ৰ নিৰ্ণয় কৰিবলৈ জুলাই মাহৰ মধ্যভাগত অসমলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Home Minister) । শনিবাৰে ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই । গৃহমন্ত্ৰী গৰাকী (Home Minister)ৰ এই চৰকাৰী ভ্ৰমণসূচী এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই ।

অসম-মিজোৰাম সীমান্তত আৰক্ষীৰ তহল

কিন্তু ইটিভি (ETV BHARAT) ভাৰতে লাভ কৰা খবৰ অনুসৰি এই ভ্ৰমণতে শ্বিলঙত অসম আৰু উত্তৰ-পূৱৰ মুখ্যমন্ত্ৰীসকল (North East Chief Ministers)ৰ সৈতে এক বৈঠকত ভাগ ল’ব গৃহমন্ত্ৰী গৰাকীয়ে । মূলতঃ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিস্পত্তি কৰাৰ বাবে এক সৰ্বগ্ৰহণযোগ্য সূত্ৰ নিৰ্ণয় কৰাটোৱেই হ’ব এই বৈঠকৰ মূল উদ্দেশ্য ।

স্মৰ্তব্য যে অসম চৰকাৰৰ হাতত থকা তথ্য অনুসৰি নাগালেণ্ডে অসমৰ ৫৯,৪৯০ হেক্টৰ ভূমি বেদখল কৰি আছে । কেৱল নাগালেণ্ডেই নহয়, অৰুণাচলে বেদখল কৰি ৰাখিছে অসমৰ ২১,৩৪৩ হেক্টৰ ভূমি । একেদৰে ত্ৰিপুৰাই ২৫ হেক্টৰ, মেঘালয়ে ১,৫২৪ হেক্টৰ আৰু মিজোৰামে ১,৫৩৬ হেক্টৰ অসমৰ ভূমি বেদখল কৰি ৰাখিছে ।

অসম-মিজোৰাম সীমান্ত

ইফালে পুনৰ অসমৰ ভূমি বেদখলৰ বাবে নামি পৰিছে অসম-নাগালেণ্ড সীমান্ত (ASSAM NAGALAND BORDER)ৰ নগা দুষ্কৃতিকাৰী ৷ অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত পুনৰ নগাই আহি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সীমান্তৱৰ্তী গাঁওবাসীয়ে সদৰী কৰা মতে কিছুদিনৰ পূৰ্বে সেউজীয়া হৈ থকা দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পাহাৰত এতিয়া গছ-গছনি কাটি তহিলং কৰিছে নগা দুষ্কৃতিকাৰীয়ে ৷

অসম-নাগালেণ্ড সীমান্তত জিপি সিং

নগা বেদখলকাৰীয়ে উক্ত স্থানত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি গাঁও স্থাপন কৰিছে, লগতে স্থাপন কৰিছে হাজাৰ হাজাৰ তামোল গছৰ পুলি ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত এটা প্ৰতিনিধি দলে স্থানীয় সাংবাদিকক লগত লৈ সীমান্তৰ গাঁৱৰ লোকসকলৰ পৰিৱেশ আৰু পৰিস্থিতি নিৰীক্ষণ কৰি থকা অৱস্থাতে নগা দুৰ্বৃত্তই পাহাৰৰ ওপৰৰ পৰা দলটোলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ এই ঘটনৰ সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিৱেশে বিৰাজ কৰে ৷

নগাৰ আগ্ৰাসনৰ পাচত অসম ভূমিত পুনৰ মিজো দুস্কৃতিকাৰীৰ আগ্ৰাসন ৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পাচতে বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border) পৰিদৰ্শন কৰিবলৈ গৈ আৰু মিজো দুৰ্বৃত্তৰ ৰোষত পৰিল অসমৰ অতিৰিক্ত মুখ্য সচিৱ (Additional Chief Secretary of Assam ) জি ডি ত্ৰিপাঠী ৷

অসম-নাগালেণ্ড সীমান্ত

দীৰ্ঘদিনে মিজোয়ে আগ্ৰাসন চলাই অহা অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাত অসম-মিজোৰাম সীমান্ত ASSAM MIJORAM BORDER)ৰ লায়লাপুৰত অতিৰিক্ত মুখ্য সচিৱ গৰাকীক মিজো প্ৰশাসনে বাধা প্ৰদান কৰি কয়, এয়া মিজো ভূমি ৷ ইয়াত প্ৰৱেশৰ বাবে মিজোৰাম চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হ'ব ৷ তাৰ পাচতে কাছাৰ জিলা প্ৰশাসনৰ তথা আৰক্ষী বিষয়াৰ লগত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলটোৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

লগতে পঢ়ক- লগতে পঢ়ক- কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত হ’ব নেকি সৰ্বানন্দ সোণোৱাল ?

ABOUT THE AUTHOR

...view details