গুৱাহাটী, ১৭ আগষ্ট :ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যলৈ ১,৩০০ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে । মঙলবাৰে, গুৱাহাটীত এই কথা সদৰি কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী মনসুখ এল মাণ্ডব্যই (union health and family welfare minister Mansukh L. Mandaviya) । উল্লেখ্য যে, অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ক'ভিড পৰিস্থিতি আৰু টীকাকৰণ সম্পৰ্কে পৰ্যালোচনা কৰাৰ বাবে মঙলবাৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্ৰীগৰাকী ।
গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় ৷ এই বৈঠকত অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত(Assam health minister Keshav Mahanta)কে ধৰি মেঘালয়ক বাদ দি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী সাতখন ৰাজ্যৰ স্বাস্থ্যমন্ত্রীয়ে অংশ গ্ৰহণ কৰে । মেঘালয়ৰ শেহতীয়া হিংসা-জৰ্জৰ পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী গৰাকী বৈঠকত উপস্থিত নাছিল । বৈঠকত ছিক্কিমৰ স্বাস্থ্যমন্ত্রী মণি কুমাৰ শৰ্মায়ো অংশ গ্ৰহণ কৰে।
বৈঠকত অসমৰ শেহতীয়া ক'ভিড পৰিস্থিতি, ক'ভিড প্ৰতিৰোধ তথা চিকিৎসা ব্যৱস্থাপনা(Covid management in Assam), ক'ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অগ্ৰগতিৰ লগতে বিগত তিনিমাহত ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঠনিৰ উন্নয়নৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক অৱগত কৰা হয় ৷ এই কাম সম্প্ৰাদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে ।
বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ক'ভিড পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় । প্ৰতিখন ৰাজ্যই নিজৰ নিজৰ ক'ভিড ব্যৱস্থাপনা সম্পৰ্কে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রীগৰাকীক অৱগত কৰে । অসমৰ ক্ষেত্রত ক'ভিডৰ দ্বিতীয়টো ঢৌৰ সময়ত আই চি ইউৰ সংখ্যা পূৰ্বতকৈ তিনি গুণৰো অধিক বৃদ্ধি কৰা, তৰল মেডিকেল অক্সিজেনৰ উৎপাদন আৰু মজুতকৰণ ক্ষমতাৰ ব্যাপক বৃদ্ধিৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে শিশুসকলক ক'ভিডৰ সম্ভাৱ্য তৃতীয় ঢৌৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ শিশু আই চি ইউ নিৰ্মাণ কৰাৰ বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীক অৱগত কৰা হয় ।