গুৱাহাটী, 24 অক্টোবৰ: গুৱাহাটীৰ বেলতলাৰ বিলাসী হোটেল ৰাজধানী ৰিজেঞ্চীত বুধবাৰে নিশা 8 বজাৰ পৰা অভিযান চলাই কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইয়ে ৷ এই অভিযানত চিবিআইয়ে আটক কৰে নেচনেল বিল্ডিং কনষ্ট্ৰাকছন কোম্পানীৰ (NBCC) ডিজিএম উৎপল পালক । এই উৎপল পালেই ঠিকাদাৰৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে ধৰা পৰিছিল চিবিআইৰ হাতত ৷ ধৃত লোকজনে ঠিকাদাৰৰ পৰা 2 লাখ 50 টকাৰ উৎকোচ গ্ৰহণ কৰিছিল ৷
মহানগৰীত নিশা চিবিআইৰ তালাচী অভিযান - guwahati cbi raid latest news
বুধবাৰে নিশা 8 বজাৰ পৰা গুৱাহাটীৰ বিলাসী হোটেল ৰাজধানী ৰিজেঞ্চীত তালাচী চলাই চিবিআইয়ে ৷ এই অভিযানত আটক কৰা হয় নেচনেল বিল্ডিং কনষ্ট্ৰাকছন কোম্পানীৰ (NBCC) ডি জি এম উৎপল পালক ৷
উৎপল পাল
ধৃত বিষয়াগৰাকী শিলচৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ভাৰত-বাংলা সীমান্তত চলি থকা কাঁইটীয়া তাৰৰ ঠিকাৰ কামৰ বাবে উৎকোচ লৈছিল উৎপল পালে । ইয়াৰ পূৰ্বেও উৎকোচ লোৱাৰ অভিযোগত দুজন বিষয়াক গ্ৰেপ্তাৰ হৈছিল।