অসম

assam

ETV Bharat / city

কি কি সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ? - শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু

বুধবাৰে ৰাজ্যিক কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি শীঘ্ৰে ৰাজ্যজুৰি শিক্ষা বিভাগত নিযুক্তি লাভ কৰিব 22,921 গৰাকী শিক্ষকে ৷ 1 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব নিযুক্তি প্ৰক্ৰিয়াৰ কাম-কাজ ৷

কি কি সিদ্ধান্ত ললে ৰাজ্যিক কেবিনেটে...
কি কি সিদ্ধান্ত ললে ৰাজ্যিক কেবিনেটে...

By

Published : Aug 4, 2021, 10:42 PM IST

গুৱাহাটী, ৪ আগষ্ট :ৰাজ্যৰ শিক্ষা বিভাগত ২২,৯২১ টা পদত নিযুক্তিৰ বাবে বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে । ইয়াৰে ১০ হাজাৰটা পদ প্ৰাথমিক শিক্ষা বিভাগত আৰু ১২,৯২১ টা পদ মাধ্যমিক শিক্ষা বিভাগত । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে বিয়লি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

বৈঠকৰ অন্তত কেবিনেটৰ এই সিদ্ধান্ত সংবাদ মাধ্যমৰ আগত সদৰী কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, অহা ১ ছেপ্টেম্বৰৰ পৰা এই পদসমূহৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব । আনহাতে, কেবিনেটৰ আন দুটা সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, ৰাজ্য চৰকাৰৰ অধীনস্থ "ছিটা" আয়োগৰ আন এগৰাকী উপাধ্যক্ষ হিচাপে প্ৰাক্তন সাংসদ ৰমেন ডেকাক নিযুক্তি দিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

কি কি সিদ্ধান্ত ললে ৰাজ্যিক কেবিনেটে...

কেবিনেটৰ মৰ্যদা সহকাৰে ডেকাক এই পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । ইয়াৰোপৰি এতিয়াৰে চৰকাৰী ভূমি হস্তান্তৰৰ দিনাই ভূমিৰ গৰাকীয়ে লাভ কৰিব পট্টা । পূৰ্বতে ইয়াৰ বাবে কমেও তিনি বছৰ অপেক্ষা কৰিব লাগিছিল । কিন্তু এতিয়াৰে পৰা পট্টা লাভ কৰাৰ পোন্ধৰ বছৰলৈকে সেই ভূমি কোনেও বিক্ৰী কৰিব নোৱাৰিব ।

ইপিনে ফ্লেট কিনা বেচাৰ ক্ষেত্ৰতো আজি কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি এতিয়াৰে পৰা ফ্লেট ক্ৰয়-বিক্ৰয়ৰ বাবে জিলা উপায়ুক্তৰ পৰা কোনো অনুমতি কিনোতা বা বিভিন্ন বেচোতাই লোৱাৰ প্ৰয়োজন নাই । এই সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰি মন্ত্ৰী অশোক সিংঘালে কয় যে, কেৱল গুৱাহাটীতেই এনে সোতৰ শ আবেদন এতিয়াও জমা হৈ আছে । এতিয়াৰে পৰা সেই জটিলতা দূৰ হ'ল বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়কঃ বিলাসী বাহনে চোঁচৰাই নিলে টোলগেটৰ কৰ্মচাৰীক

ABOUT THE AUTHOR

...view details