নিউজ ডেস্ক, 7 ডিচেম্বৰ: আগত 10 ডিচেম্বৰ, শদিয়াৰ পৰা ধুবুৰী লৈ কেৱল এক কথা "আমি কেব নামানো" ৷ শনিবাৰেও ৰাজ্যৰ প্ৰতিখন জিলাত দেখা পোৱা গ'ল কেৱল কেব বিৰোধী প্ৰতিবাদৰ দৃশ্য ৷ শনিবাৰে সদৌ মৰাণ ছাত্ৰ সন্থাই অসম অৰুণাচল সীমান্ত ডিৰাক গেটৰ পৰা তিনিচুকীয়া উপায়ুক্তৰ কাৰ্যালয়লৈ কেব বাতিলৰ দাবীত মটৰ চাইকেল ৰেলী উলিয়াই শাসনাধিষ্ঠিত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ ইয়াৰোপৰি কেব বাতিল নকৰিলে ৰাজ্যত হ'বলগীয়া ভয়ংকৰ আন্দোলনৰ বাবে চৰকাৰক সাজু থাকিবলৈ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে । লগতে 9 ডিচেম্বৰত 12 ঘন্টীয়া অসম বন্ধৰ ঘোষণা কৰে সদৌ মৰাণ ছাত্ৰ সন্থাই ৷ এই ক্ষেত্ৰত পিচপৰি নৰ'ল তিনিচুকীয়াৰ উকীল সন্থা ৷ বিধেয়কৰ বিৰোধীতা কৰি তিনিচুকীয়াৰ সত্ৰ ন্যায়লয়ৰ পৰা প্ৰায় দুই শতাধিক অধিবক্তাই সমদল ওলিয়াই উত্তাল কৰি তোলে জিলাখন ৷ সমান্তৰালকৈ আছুৰ আহ্বানত বিধেয়ক বাতিলৰ দাবীত বৰপেটাৰ বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগৰ বিভিন্ন অঞ্চলত বাইক ৰেলী উলিওৱা হয় ৷
আনহাতে মৰিগাঁৱত চতুৰ্থ দিনাও অব্যাহত বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে মৰিগাঁৱৰ , এজাৰবাৰী ভূৰাগাঁও, মানিপুৰ চহৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভূৰাগাঁও আঞ্চলিকে বিধেয়কখন দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিধেয়কখন আইনত পৰিণত হ'লে গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৱে । সমান্তৰালকৈ মহানগৰীত বীৰ লাচিত সেনায়ো তীব্ৰতৰ কৰি তুলিছে বিধেয়ক বিৰোধী প্ৰতিবাদ ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকো কেব সমৰ্থন কৰাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে বীৰ লাচিত সেনাই ৷