অসম

assam

By

Published : Jan 10, 2020, 11:45 PM IST

Updated : Jan 11, 2020, 9:24 AM IST

ETV Bharat / city

সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

অসম তথা দিল্লী আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিবাদক আওকাণ কৰি ৰাজপত্ৰিত অধিসূচনা জাৰিৰে সমগ্ৰ দেশতে বলৱৎ নাগৰিকত্ব সংশোধনী আইন কেন্দ্ৰীয় চৰকাৰৰ ৷

কাৰ্যকৰী হ'ল নাগৰিকত্ব সংশোধিত আইন 2019
কাৰ্যকৰী হ'ল নাগৰিকত্ব সংশোধিত আইন 2019

নিউজ ডেস্ক,10 জানুৱাৰীঃ 10 জানুৱাৰী 2020 ৰ পৰা সমগ্ৰ দেশতে বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন 2019 ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এক ৰাজপত্ৰিত অধিসূচনা জাৰী কৰি প্ৰকাশ কৰিলে এই কথা ৷ প্ৰকাশিত ৰাজপত্ৰিত উল্লেখ আছে- কেন্দ্ৰীয় চৰকাৰ, নাগৰিকত্ব (সংশোধন) অধিনিয়ম, 2019 (2019 ৰ 47 ) ৰ ধাৰা 1 ৰ উপধাৰা (2) ৰ দ্বাৰা প্ৰাপ্ত ক্ষমতা প্ৰয়োগ কৰি 10 জানুৱাৰী, 2020 ক নিৰ্ধাৰণ কৰি উক্ত অধিনিয়ম কাৰ্যকৰী কৰা হ’ব ৷

কাৰ্যকৰী হ'ল নাগৰিকত্ব সংশোধিত আইন 2019

উল্লেখ্য যে,নাগৰিকত্ব সংশোধনী আইনৰ পুনৰীক্ষণ আবেদনক লৈ উচ্চতম ন্যায়ালয়ত প্ৰথমটো শুনানি সম্পন্ন হোৱাৰ পাচত 22 জানুৱাৰীৰ আগত গোচৰৰ পৰৱৰ্তী শুনানিৰ আগেয়ে উচ্চতম ন্যায়ালয়ক উত্তৰ দিব লাগিব কেন্দ্ৰ চৰকাৰে ৷ বিলখন নাকচ কৰাৰ দাবীৰে দাখিল কৰা 59 খন পুনৰীক্ষণ আবেদন পৰীক্ষা কৰি এই ৰায়দান প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে ৷

অৱশ্যে আইনখনৰ সন্দৰ্ভত অন্তৱৰ্তীকালীন স্থগিতাদেশ ঘোষণা কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰিছিল ৷ মুখ্য ন্যায়াধীশ এছ এ বোবডেৰ আদালতে প্ৰদান কৰিছিল এই নিৰ্দেশ ৷ নাগৰিকত্ব সংশোধনী আইনৰ স্থগিতাদেশ প্ৰদান কৰাৰ দাবীৰে বৃহৎ সংখ্যক লোকে দাখিল কৰা সকলো পুনৰীক্ষণ আবেদন সংলগ্ন কৰি এই ৰায়দান দিছিল উচ্চতম ন্যায়ালয়ৰ ৷ ন্যায়ালয় উল্লেখ কৰিছিল যে, বৰ্তমানলৈকে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱা নাই যাৰ বাবে ইয়াত স্থগিতাদেশ জাৰী কৰিব পৰা নাযাব ৷

এতিয়া শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এই আইন বলৱৎ কৰাৰ পাচত উচ্চতম ন্যায়ালয়ৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব ৷

উল্লেখ্য যে, এই আইনৰ ফলত বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ পৰা অহা হিন্দু,শিখ,খ্ৰীষ্টিয়ান,জৈন,বৌদ্ধ আৰু পাৰ্চি ধৰ্মাৱলম্বীৰ লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।

লগতে চাওকঃবড়ো সাহিত্য সভাকলৈ উখল মাখল দাউহাৰু পথাৰ

Last Updated : Jan 11, 2020, 9:24 AM IST

ABOUT THE AUTHOR

...view details