গুৱাহাটী, 3 ফেব্ৰুৱাৰী : অৱশেষত আৰক্ষীৰ জালত পৰিল মেঘদূত ভৱনৰ চুৰি কাণ্ডৰ লগত জড়িত এজন চোৰ (Burglar who looted money in meghdoot Bhawan apprehended by police) ৷ ধৃত চোৰটোৰ নাম দিলীপ শইকীয়া বুলি জানিব পৰা গৈছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ দক্ষিণ সাওকুছিত মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলাই এই ধৃত চোৰটোক আৰক্ষীয়ে আটক কৰে ৷
পাণবজাৰ আৰক্ষী থানাৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিগত সপ্তাহৰ শুকুৰবাৰে নিশা গুৱাহাটীৰ পাণবজাৰস্থিত মেঘদূত ভৱনত সংঘটিত হৈছিল এক ৰহস্যজনক চুৰিকাণ্ড (Miscrants loot Meghdoot Bhawan) ৷ নিশা মেঘদূত ভৱনৰ ভূমি মহলাৰ পৰা পঞ্চম মহলালৈ চোৰে চলাইছিল চাফাই অভিযান ৷ চোৰে মেঘদূত ভৱনৰ পৰা চুৰি কৰি লৈ যায় নগদ 3 লাখ টকাসহ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ ।