আশংকাৰ মাজতেই মঙলবাৰে পুণৰ বিধানসভাৰ বাজেট অধিবেশন
অধিবেশন পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ৩১ মাৰ্চলৈ যে চলিব তাকে লৈও অনিশ্চয়তাই দেখা দিছে । হয়তো কাইলৈৰ দিনটোতে বাজেট গৃহিত কৰি অধিবেশন সামৰিব লগীয়াও হ'ব পাৰে
আশংকাৰ মাজতেই মঙলবাৰে পুণৰ বিধানসভাৰ বাজেট অধিবেশন
গুৱাহাটী, ২৩ মাৰ্চ: চৰম আশংকাৰ মাজেৰে কাইলৈ অৰ্থাৎ মঙলবাৰে পুণৰ আৰম্ভ হব অসম বিধানসভাৰ বাজেট অধিবেশন । যিহেতু পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি ২৬ মাৰ্চত ২০২০-২১ বৰ্ষৰ বাজেট গৃহিত হোৱাৰ কথা গতিকে আশংকাৰ মাজেৰে হ'লেও পুণৰ আৰম্ভ কৰিবলগীয়া হৈছে সদনৰ অধিবেশন ।