গুৱাহাটী, ৫ ফেব্ৰুৱাৰী :আগন্তুক 14 মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিৱেশন (Budget Session of Assam Assembly from March 14) ৷ শনিবাৰে ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে জাৰি কৰা হয় বাজেট সম্পৰ্কীয় অধিসূচনা ৷
জানিব পৰা মতে, প্ৰায় এমাহজুৰি চলিব এই বাজেট অধিৱেশন ৷ প্ৰাপ্ত তথ্য অনুসৰি এই অধিৱেশনত 2022-23 বৰ্ষৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেট (Assam Budget 2022) ত পূৰ্বৰ দৰে হিতাধিকাৰী সৃষ্টি কৰা কোনোধৰণৰ নতুন আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা নাই (Beneficiary scheme Assam) ৷ কিয়নো বিগত বৰ্ষৰ বাজেটত ঘোষতি একাধিক এনে আঁচনি কাৰ্যকৰী কৰোতে ইতিমধ্যে চৰকাৰৰ ৰাজভৰাঁল একপ্ৰকাৰ উদং হৈ পৰিছে ৷