গুৱাহাটী, 14 মাৰ্চ :সোমবাৰৰ পৰা এঘাৰদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন 2022 (Assam Assembly Budget Session 2022) ৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশন চলিব ১ এপ্ৰিল পৰ্যন্ত ।
বুধবাৰে অৰ্থাৎ ১৬ মাৰ্চত সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট (Ajanta Neog to table Budget on March 16) । মন কৰিবলগীয়া যে, এইবাৰৰ বাজেট অধিৱেশন ১ এপ্ৰিললৈকে চলিলেও অধিৱেশনৰ মুঠ কৰ্মদিন হ’ব ১১ দিনহে ।
একেদৰে ৯ এপ্ৰিলৰ পৰা যিহেতু অসম বিধানসভাত অনুষ্ঠিত হ’ব কমনৱেলথ সন্মিলন, যি সন্মিলনত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষসকল উপস্থিত থাকিব, তাৰ প্ৰতি লক্ষ্য ৰাখিও এইবাৰৰ বাজেট অধিৱেশনত ৰখা হোৱা নাই কেইবাটাও কাৰ্যক্ৰমণিকা । তাৰ ভিতৰত অন্যতম হৈছে স্পীকাৰ্ছ ইনিচিয়েটিভ শীৰ্ষক কাৰ্যসূচী ।