গুৱাহাটী, ১৬ মাৰ্চ : বিত্ত মন্ত্রী অজন্তা নেওগে বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেটক (Assam budget 2022-23) জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী আখ্যা দিছে বিজেপিৰ মিত্রদল অগপই (Atul Bora on Assam budget)। বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিবৃত্তি যোগে অগপৰ সভাপতি তথা মন্ত্রী অতুল বৰাই কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে উপস্থাপন কৰা অসম বাজেটে জনসাধাৰণৰ আশা-আকাংক্ষাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে ।
ৰাজ্যৰ সৰ্বসাধাৰণ লোকৰ কল্যাণ নিশ্চিত কৰা আৰু ক'ভিড-১৯ মহামাৰীয়ে ক্ষতিগ্ৰস্ত কৰা অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে দাখিল কৰা বাজেটখন এখন জনকেন্দ্ৰিক তথা দ্ৰুত উন্নয়নমুখী বাজেট হিচাপে পৰিগণিত হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দাখিল হোৱা এই প্ৰথমখন পূৰ্ণাংগ বাজেটে বহন কৰিছে তেখেতৰ দূৰদৰ্শিতা আৰু কেতবোৰ জনকল্যাণমুখী নীতি (Atul Bora praises CM Himanta Biswa Sarma)।