অসম

assam

By

Published : Sep 25, 2020, 1:35 PM IST

ETV Bharat / city

বিটিএডিৰ নতুন নাম বিটিআৰ : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ অনুমোদনৰ পাচতে বিটিএডি ক বিটিআৰ হিচাপে নামাকৰণ কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

বিটিএডিৰ নতুন নাম বিটিআৰ
হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 25 ছেপ্তেম্বৰ : ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীৰ অনুমোদনৰ পাচতে বিটিএডি ক বিটিআৰ হিচাপে নামাকৰণ কৰা হৈছে ৷ এই কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

শৰ্মাই কয় যে, বড়ো শান্তি চুক্তিৰ অংশ হিচাপে এই নতুন নাম প্ৰদান কৰা হৈছে ৷ গুৱাহাটীৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি শৰ্মাই কয়, "বিটিআৰত অন্তৰ্ভুক্ত আৰু বহিস্কৃত হ'বলগা গাঁও সন্দৰ্ভত এখন আয়োগে সিদ্ধান্ত গ্ৰহণ কৰিব ৷ এই আয়োগৰ নেতৃত্ব প্ৰদান কৰিব অসমৰ প্ৰাক্তন মুখ্য সচিব পি. পি. বৰ্মাই ৷"

বৰ্মাৰ উপৰি এই আয়োগৰ সদস্য হিচাপে থাকিব বিটিচিৰ প্ৰশাসক ৰাজেশ প্ৰসাদ, ABSU ৰ প্ৰতিনিধি জয়ন্ত বসুমতাৰী আৰু অন্যান্য সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে থাকিব দালিম বায়ন ৷

লগতে পঢ়ক :অসম সংগ্ৰামী মঞ্চ এৰিলে অদীপ কুমাৰ ফুকনে

ABOUT THE AUTHOR

...view details