অসম

assam

ETV Bharat / city

সঁচাকৈয়ে বন্ধ হ'ব নেকি BSNL !! - BSNL will not be shut down

বি এছ এন এল বন্ধ হ'ব বুলি ওলোৱা খবৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ টেলিকম কোম্পানীটোৰ মুখ্য মহাপ্ৰৱন্ধক সন্দীপ গোৱেলৰ ৷ গ্ৰাহকক বিভ্ৰান্ত নহবলৈ আহ্বান মহাপ্ৰৱন্ধকগৰাকীৰ ৷

জি অ'ই গ্ৰাহকক ৰামঠগন দিছে : সন্দীপ গোৱেল

By

Published : Oct 11, 2019, 9:34 PM IST

Updated : Oct 11, 2019, 10:19 PM IST

গুৱাহাটী, 11 অক্টোবৰ: শেহতীয়াকৈ সমগ্ৰ দেশজুৰি অতি শীঘ্ৰে ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠান BSNL বন্ধ হ'ব বুলি ওলোৱা এক বিশেষ খবৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ খবৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ দিনক দিনে বৃদ্ধি পোৱা জি'অ প্ৰীতিয়ে ইয়াৰ মুখ্য কাৰণ ৷ তাৰ মাজতে শুকুৰবাৰে গুৱাহাটীৰ পানবজাৰস্থিত বি এছ এন এল ভৱনত এক সংবাদমেল সম্বোধন কৰি এইসমূহ খবৰক অপ্ৰচাৰ আখ্যা দি ইয়াৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে টেলিকম কোম্পানীটোৰ মহাপ্ৰৱন্ধক সন্দীপ গোৱেলে ৷ সাংবাদমেল যোগে বি এছ এন এলৰ মহাপ্ৰৱন্ধক গৰাকীয়ে ৰিলায়েঞ্চ জি অ'ক তীব্ৰ সমালোচনা কৰাৰ লগতে চৰকাৰৰ সহযোগত টেলিকম কোম্পানীটো পূৰ্বতকৈ অধিক সুবিধা সম্পন্ন হ'ব বুলি সাংবাদিকৰ আগত আশা প্ৰকাশ কৰে ৷ অতি শীঘ্ৰে গুৱাহাটী আৰু শিলচৰত বি এছ এন এল য়ে 4 জি সেৱা আৰম্ভ কৰিব বুলিও সাংবাদমেলযোগে সন্দীপ গোৱেলে জানিবলৈ দিয়ে ৷

বি এছ এন এল বন্ধ হব বুলি ওলোৱা খবৰৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ টেলিকম কোম্পানীটোৰ মুখ্য মহাপ্ৰৱন্ধক সন্দীপ গোৱেলৰ

উল্লেখযোগ্য যে, ৰাজ্যৰ মুঠ 18 খন চহৰত বি এছ এন এলে ইতিমধ্যে আৰম্ভ কৰিছে 4জি সেৱা লগতে বি এছ এন এল সেৱা কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰৰ লগত স্বাক্ষৰ কৰিছে এক চুক্তিৰ ৷ ইফালে সাংবাদমেলত সন্দীপ গোৱেলে ৰিলায়েঞ্চ জি অ'ক প্ৰতাৰক আখ্যা দি কয়, "জি অ'ই গ্ৰাহকক ৰামঠগন দি আছে, বি এছ এন এলৰ গ্ৰাহকে অন্য নম্বৰলৈ ফন কৰিলে জি অ'ৰ দৰে কোনো অতিৰিক্ত মাচুল আদায় দিব নালাগে ৷" মন কৰিবলগীয়া যে, বি এছ এন এলে ৰাজ্যৰ বিভিন্ন স্থানত 44 টাকৈ কেন্দ্ৰ স্থাপন কৰিছে য'ত ৰাইজে বিনামূলীয়াকৈ আধাৰ কাৰ্ড প্ৰস্তুত কৰিব পাৰিব ।

Last Updated : Oct 11, 2019, 10:19 PM IST

ABOUT THE AUTHOR

...view details