BSNLৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ - BSNLৰ মুখ্য কাৰ্যালয়
দুবছৰ ধৰি বিএছএনএলৰ ঠিকাদাৰসকলে লাভ কৰা নাই কামৰ বিল, প্ৰাপ্ত ধন বিচাৰি হাহাকাৰ ঠিকাদাৰসকলৰ ।
BSNLৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ
গুৱাহাটী,২০জুন : ৰাজ্যৰ চৰকাৰী টেলিকাম সেৱা বিএছএনএলৰ বিৰুদ্ধে অভিযোগ ঠিকাদাৰৰ । দুবছৰ ধৰি চৰকাৰে ঠিকাদাৰসকলক আদায় কৰা নাই কাম কৰাৰ বিল । যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ঠিকাদাৰসকলে । বিএছএনএলৰ ঠিকাদাৰ সকলে নিজ-নিজ জিলাৰ বিএছএনএল কাৰ্যালয়ত প্ৰাপ্ত ধন বিচাৰি হ'বলগীয়া হৈছে হাৰাশাস্তি । অৱশেষত বৃহস্পতিবাৰে প্ৰাপ্ত ধন বিচাৰি অসমৰ বিভিন্ন জিলাত বিএছএনএলৰ ঠিকাদাৰ সকলে পানবজাৰস্থিত বিএছএনএলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ CGM ক সাক্ষাৎ কৰি এখন স্মাৰকপাত্ৰ প্ৰদান কৰে ।