অসম

assam

ETV Bharat / city

কামাখ্যা জংচনত নকল সোণসহ আটক বিএছএফ জোৱান - BSF jawan arrested fake gold news

বুধবাৰে কামাখ্যা ৰেলৱে জংচনত আটক হয় এগৰাকী বিএছএফ জোৱান ৷ সন্দেহজনক অৱস্থাত ঘুৰি থকা জোৱানজনৰ পৰা ৰেলৱে আৰক্ষীয়ে জব্দ কৰে নকল সোণ ৷

নকল সোণসহ আটক বিএছএফ জোৱান

By

Published : Nov 7, 2019, 2:49 AM IST

Updated : Nov 7, 2019, 4:17 AM IST

গুৱাহাটী, 6 নৱেম্বৰঃঅপৰাধীৰ ঘাটিলৈ পৰিনত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত সংঘটিত অপৰাধৰ মাত্ৰালৈ চাই এতিয়া একাংশ চৰকাৰী কৰ্মচাৰীও নামি পৰিছে অপৰাধমুলক কাৰ্যকলাপত ৷ বুধবাৰে মহানগৰীত গ্ৰেপ্তাৰ হয় এগৰাকী বিএছএফ জোৱান ৷ অপৰাধমুলক কাৰ্যকলাপত জড়িত থকাৰ বাবেই গ্ৰেপ্তাৰ হয় জোৱানজন ৷

নকল সোণসহ আটক বিএছএফ জোৱান

বুধবাৰে মহানগৰীৰ কামাখ্যা ৰেলৱে জংচনত সন্দেহজনকভাৱে ঘুৰা ফুৰা কৰি আছিল দুজন লোক ৷ পৰৱৰ্তী সময়ত ৰেলৱে আৰক্ষীৰ সন্দেহ হোৱাত লোকদুজনক সোধা-পোচা কৰিবলৈ লৈ আনে ৷ জংচনৰ 4নং প্লেটফৰ্মৰ পৰা দুয়োগৰাকী লোকক লৈ আনি ৰেলৱে আৰক্ষীয়ে সোধা-পোচা কৰে ৷ আৰক্ষীয়ে প্ৰাথমিক তদন্ত কালতে দুয়োগৰাকী লোকৰ পৰা 2 কিলোগ্ৰাম ওজনৰ নকল সোণৰ নাও এখন জব্দ কৰিবলৈ সক্ষম হয় ৷ নকল সোণসহ গ্ৰেপ্তাৰ হোৱা লোকজনৰ এগৰাকী কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ বিএছএফৰ 138 বেটালিয়নত কৰ্মৰত জোৱান বুলি জনাইছে ৰেলৱে আৰক্ষীয়ে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, ধৃত জোৱানজনৰ নাম সুৰেন্দৰ সিং আৰু তেওঁৰ লগত অহা লোকজনৰ নাম সুৰজ মল ৷ ৰেলৱে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, লক্ষীমপুৰৰ পৰা নগদ দুইলাখ টকাত ক্ৰয় কৰিছিল সোণৰ নাওখন আৰু ইতিপূৰ্বেই তেওঁলোকে তাৰ নমুনা ৰাজস্থানস্থিত নিজ গৃহলৈ লৈ গৈছিল ৷ সম্প্ৰতি ৰেলৱে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ৷

Last Updated : Nov 7, 2019, 4:17 AM IST

ABOUT THE AUTHOR

...view details