অসম

assam

ETV Bharat / city

বাঘজানৰ তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈলৈ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা - ৰাষ্ট্ৰপতি সাহসিকতা বঁটা

বাঘজানৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা। অগ্নি নিৰ্বাপনৰ বাবে গৈ কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হৈছিল তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে।

BRAVERY AWARD TO TIKHESWAR GOHAIN AND DURLAV GOGOI, BAGHJAN
বাঘজানৰ তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈলৈ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা

By

Published : Aug 17, 2020, 8:47 PM IST

১৭আগষ্ট,গুৱাহাটীঃবাঘজানৰ বি জি আৰ ৫নং তৈলখাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ সময়ত কৰ্তব্য পালনৰ বাবে গৈ প্ৰাণ আহুতি দিবলগীয়া হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে।

ইফালে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সাহসী কৰ্মচাৰী দুগৰাকীলৈ মৰণোত্তৰভাৱে সাহসিকতা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। দেশৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগত অগ্নিনিৰ্বাপক যোদ্ধাৰ শিতানত দুয়োগৰাকী নিৰ্ভীক কৰ্মচাৰীলৈ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে, যোৱা ২৭মে'ত বাঘজানৰ বি জি আৰ ৫নং তৈলখাদত এক বিস্ফোৰণ সংঘটিত হৈছিল । বিস্ফোৰণৰ পিছতে তৈলখাদটোৰ পৰা অবিৰতভাৱে তেল আৰু গেছ নিৰ্গমন হয়। এই ঘটনাৰ পিছতে ৯জুনত বাঘজানৰ বি জি আৰ ৫নং তৈলখাদত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । তেলৰ চামনি পৰা অঞ্চলবোৰ জুইৰ লেলিহান শিখাই আবৰি ধৰাত নিমিষতে জ্বলি ছাই হয় অঞ্চলটোত বাসকৰা লোক সকলৰ বাসগৃহ, চাহ বাগিছাকে আদি কৰি সকলো সা-সম্পত্তি।

বিধ্বংসী জুইৰ কবলৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰিবলৈ অগ্নি নিৰ্বাপন কৰিবলৈ গৈছিল অইল ইণ্ডিয়া লিমিটেডৰ অগ্নি নিৰ্বাপক বাহিনী। কিন্তু প্ৰাণ হেৰুৱাব লগীয়া হয় অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰী তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈয়ে।

অৱশ্যে অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা দুয়োগৰাকী নিৰ্ভীক কৰ্মচাৰীৰ পৰিয়ালৰ একোজনকৈ সদস্যক চৰকাৰে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছে। উক্ত ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি লোৱা তীখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈক তেওঁলোকৰ সাহসৰ প্ৰতি সন্মান জনাই মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা আগবঢ়োৱা হৈছে।

লগতে পঢ়ক- অৱশেষত নিৰ্বাপনৰ দিশে বাঘজানৰ জুই

ABOUT THE AUTHOR

...view details