গুৱাহাটী, 28 মে' :গুৱাহাটী মহানগৰীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । বৃহস্পতিবাৰে পুৱা 4 বজাত সতৰ্ক সীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰ নদীয়ে । মঙলবাৰে নিশাৰ ভাগত 9 ছেন্টিমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল আৰু 90 ছেন্টিমিটাৰ বৃদ্ধি পালেই ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰিব ।
গুৱাহাটীত সতৰ্ক সীমা অতিক্ৰম ব্ৰহ্মপুত্ৰৰ জলস্তৰ - ব্ৰহ্মপুত্ৰৰ জলস্তৰ
গুৱাহাটী মহানগৰীত বৃদ্ধি পাই আছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । বৃহস্পতিবাৰে পুৱা ৪ বজাত সতৰ্ক সীমা অতিক্ৰম কৰিলে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । মঙলবাৰে নিশাৰ ভাগত ৯ ছেন্টিমিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ । ৯০ ছেন্টিমিটাৰ বৃদ্ধি পালেই ব্ৰহ্মপুত্ৰৰ পানীয়ে বিপদ সীমা অতিক্ৰম কৰিব ।
উত্তৰ-পূৱৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমত যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমত বান পৰিস্থিতি অধিক জটিল হৈ পৰা পৰিলক্ষিত হৈছে । বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে ৰাজ্যৰ নৈ-উপনৈ সমূহৰ জলস্তৰ । মহানগৰী গুৱাহাটীতো ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ যোৱা কিছুদিন ধৰি দ্ৰুতগতিত বৃদ্ধি পাই পাছে । বৰ্তমান মহানগৰীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ 48.81 ছেন্টিমিটাৰ হৈছে, বুধবাৰৰ তুলনাত আজি 1.5 মিটাৰ বৃদ্ধি পাইছে পানীৰ স্তৰ ।
কেন্দ্ৰীয় জল আয়োগৰ কৰ্মীয়ে জানিবলৈ দিয়া মতে যদি ব্ৰহ্মপুত্ৰ নদীৰ জলস্থৰ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বৃহস্পতিবাৰে নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ জলস্থৰ গুৱাহাটী মহানগৰীত বিপদ সীমা অতিক্ৰম কৰিব পাৰে। অসম আৰু মেঘালয়ত যোৱা এসপ্তাহ ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ সৃষ্টি হৈছে । বিশেষকৈ মেঘালয়ৰ পানীয়ে গোৱালপাৰা জিলাক প্লাৱিত কৰিছে । ইফালে শোণিতপুৰত জীয়া ভৰালী নদী, কামৰূপত পুঠিমাৰী নদী আৰু যোৰহাটৰ নিমাটিঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈছে । বছৰৰ প্ৰথমটো বানত ৰাজ্যত 2 লাখতকৈও অধিক লোক প্ৰভাৱিত হৈছে ।
TAGGED:
ব্ৰহ্মপুত্ৰৰ জলস্তৰ