অসম

assam

ETV Bharat / city

বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ ভয়াবহভাৱে বৃদ্ধি পাই আছে । বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে। যোৱা ২৬ জুন তাৰিখে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰিছিল। প্ৰতি ঘণ্টাত ২-৩ ছেন্টিমিটাৰকৈ বৃদ্ধি পাই আছে জলস্তৰ।

বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ
মহাবাহু ব্ৰহ্মপুত্ৰ

By

Published : Jun 30, 2020, 1:57 PM IST

গুৱাহাটী, 30 জুন : ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বানে । উজনিৰ পৰা নামনি লৈকে চলিছে বানৰ তাণ্ডৱ । নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ নৈ-উপনৈসমূহ উফন্দি উঠাত বাঢ়নী পানীত ককবকাইছে বানাক্ৰান্ত ৰাইজে । মহানগৰী গুৱাহাটীতো ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে । যোৱা 26 জুনত মহানগৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰাৰ পাচৰে পৰা অবিৰাম গতিত বৃদ্ধি পাই আছে মহাবাহুৰ জলস্তৰ ।

বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

বৰ্তমান গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ 50.06 মিটাৰত বৈ আছে । সোমবাৰে 11 টা বজাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ আছিল 49.91 অৰ্থাৎ 24 ঘণ্টাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 15 ছেন্টিমিটাৰ বৃদ্ধি পাইছে । মঙলবাৰৰ দিনটোত কিছু ঘণ্টা ধৰি জলস্তৰ বৃদ্ধি হোৱা নাই যদিও প্ৰতিঘণ্টাত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 2-3 ছেন্টিমিটাৰকৈ বৃদ্ধি পাইছিল । উজনি অসমত বৰষুণৰ পৰিমাণ হ্ৰাস নোহোৱা পৰ্যন্ত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰত আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত গতিত বৃদ্ধি পোৱাত ব্ৰহ্মপুত্ৰৰ কাষত থকা উদ্যান সমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী যি কোনো সময়ত প্ৰৱেশ কৰিব পাৰে । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমা অতিক্ৰম কৰাৰ পিছত লাচিতঘাটত নতুনকৈ নিৰ্মাণ কৰা পাৰ্কিঙৰ ঠাই ইতিমধ্যে বাঢ়নী পানীত ডুব গৈছে ।

বিপদ সীমাৰ পৰা ৩৮ ছেন্টিমিটাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ

লগতে পঢ়ক : কলৰ ভুৰত উঠি দৰাই আনিলে কইনা

ABOUT THE AUTHOR

...view details