গুৱাহাটী, ১১ অক্টোবৰ:গুজৰাটত অনুষ্ঠিত হৈ থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত (National Games 2022) অসমে চমকপ্ৰদ প্ৰদৰ্শন কৰি এতিয়ালৈকে ভালেকেইটা পদক লাভ কৰে ৷ শিৱ থাপাই চলিত ৩৬ সংখ্যক গুজৰাট ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিঙৰ ছেমিফাইনেলত (National Games2022 Boxing semi final) প্ৰৱেশ কৰি ব্ৰঞ্জৰ পদক জয় কৰে (Boxer Shiva Thapa wins bronze medal) ৷
মঙলবাৰে ছেমিফাইনেলত ছাৰ্ভিছেজৰ আকাশ কুমাৰৰ হাতত ৩-২ৰ ব্যৱধানত পৰাস্ত হয় বক্সাৰ শিৱ থাপা । ইয়াৰ পিছতে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে তাৰকা বক্সাৰগৰাকীয়ে ৷ ইফালে মহিলা বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিছে অংকুশিতা বড়োৱে । ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰা অংকুশিতাই ৰাজস্থানৰ ললিতাক সহজে পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ৷
আনহাতে, মহিলা বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিছে যমুনা বড়োৱে । সেইদৰে ফাইলাও বসুমতাৰীয়েও লাভ কৰে ব্ৰঞ্জৰ পদক । ইফালে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিমধ্যে ফাইনেলত প্ৰৱেশ কৰা অলিম্পিক জয়ী লাভলিনা বৰগোহাঁয়ে বুধবাৰে স্বৰ্ণপদকৰ বাবে যুঁজ দিব । বক্সিং, লনবল, এথলেটকে ধৰি কেইবাটাও ইভেণ্টত অসমৰ খেলুৱৈসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।