গুৱাহাটী, 25 ডিচেম্বৰ : শুকুৰবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাসত এখন গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়(Book Unveiling ceremony at Guwahati) ৷ এই সভাত জ্যেষ্ঠ সাংবাদিক ধীৰুমণি গগৈৰ নিষিদ্ধ যোদ্ধা:দ্য হিডেন চেপ্টাৰ্ছ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়(Book Unveiling of senior journalist Dhirumoni Gogoi) ৷ এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে(Book unveiled by Writer Rita Chowdhury) ।
গুৱাহাটীৰ শ্বহীদ ন্যাসত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক অনুৰাগ মহন্তৰ লগতে দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া । স্বাধীন অসমৰ দাবীত সংগ্ৰাম আৰম্ভ কৰা আলফাৰ প্ৰায় ২০,০০০ নেতা সদস্য শ্বহীদ হ’ল। ইয়াৰে কিছু সংখ্যকৰ কথা আমি জানো যদিও প্ৰায় সংখ্যকৰে জীৱন কাহিনী অসমৰ ৰাইজৰ জ্ঞাত নহয়। ৷ এই শ্বহীদসকলে কি পৰিস্থিতিত প্ৰাণ দিছিল বা কি কাৰণত তেওঁলোকে সশস্ত্ৰ সংগ্ৰামখনত ভৰি থৈছিল এনেবোৰ বহু বাস্তৱ ঘটনাৰে সমৃদ্ধ নিষিদ্ধ যোদ্ধা:দ্য হিডেন চেপ্টাৰ্ছ নামৰ এই গ্ৰন্থখন ৷ আলফাৰ হেৰাই যাব খোজা ইতিহাস বুটলি এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে লেখকগৰাকীয়ে ।