অসম

assam

ETV Bharat / city

বিপনন ক্ষেত্ৰত উন্মোচন গ্ৰন্থ

গুৱাহাটীৰ বিপনন ক্ষেত্ৰত আনিজ উজ জামানে উন্মোচন কৰে নয়নজ্যোতি ভট্টাচাৰ্য্যৰ 'ধুমুহাৰ ফুল' নামৰ এখন গ্ৰন্থ

বিপনন ক্ষেত্ৰত উন্মোচন গ্ৰন্থ

By

Published : Apr 21, 2019, 10:15 PM IST

গুৱাহাটী,২১ এপ্ৰিল : দেওবাৰে গুৱাহাটী মহানগৰীৰ বিপনন ক্ষেত্ৰত উন্মোচন কৰা হয় 'ধুমুহাৰ ফুল' নামৰ এখন গ্ৰন্থ । নয়নজ্যোতি ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট কবি আনিজ উজ জামানে । এই গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী, অনুৰাধা শৰ্মা পূজাৰীকে ধৰি বহুতো বিশিষ্ট ব্যক্তি । প্ৰাক স্বাধীনতা কালৰ এখন নিভাঁজ গাঁৱৰ ছবিক মূল বিষয় হিচাপে লৈ উপন্যাসখন ৰচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্য্যই । সাহিত্যৰ জগতত নৱাগত হিচাপে ভুমুকি মাৰিছে যদিও তেওঁৰ লিখনীয়ে সকলোকে আপ্লুত কৰিব বুলি উপস্থিত লোকসকলে মন্তব্য কৰে । আনহাতে,সফল উদ্যোগী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা এইগৰাকী লেখকে সাহিত্যৰ ক্ষেত্ৰতো নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি আশাবাদী উপস্থিত লোকসকল ৷

বিপনন ক্ষেত্ৰত উন্মোচন গ্ৰন্থ

ABOUT THE AUTHOR

...view details