বকো, 24 মে': এসময়ৰ প্ৰাকৃতিক অক্সিজেন প্ৰাণকেন্দ্ৰ বকোৰ বনাঞ্চল এতিয়া মৰুভূমি হোৱাৰ দিশে গতি কৰিছে ৷ চোৰাং কাঠ ব্যাৱসায়ীয়ে অপৈনত মূল্যবান শাল, চেগুনৰ গছ কাটি তহিলং কৰিছে ৷ এই সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ পাছতো নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ বন বিভাগক মেনেজ কৰি দিনে নিশাই চোৰাং কাঠ ব্যৱসায়ীয়ে ধ্বংস কৰি গৈছে বকোৰ বনাঞ্চল ৷
অপৈনত শাল, চেগুন কাটি বকোৰ চৰাঞ্চললৈ সৰবৰাহ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ পথৰ দাঁতিত পৰি থাকে চোৰাং ব্যৱসায়ীয়ে মজুত কৰি ৰখা মূল্যবান গছৰ কুণ্ডা । এই সন্দৰ্ভত বন বিভাগক খবৰ দিলেও গ্ৰহণ নকৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা । দুদিন ধৰি বকোৰ ৰাজাপাৰা মজাইবাড়ী পথৰ দুয়োকাষে পৰি আছিল বহুসংখ্যক শাল গছৰ কুণ্ডা । স্থানীয় লোকে খবৰ দিছিল বন বিভাগক ।