অসম

assam

ETV Bharat / city

সাৱধান ! এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

এইবাৰ ব্লে'ড মেনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল এজন ব্যৱসায়ী । বিচৰা ধন নিদিয়াৰ বাবেই উদণ্ড যুৱকৰ ব্লে'ডৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা মোজাহিদ আলিৰ ডিঙিত পৰিছে ৪৪ টা চিলাই ।

Blade Man Attack
এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

By

Published : Sep 6, 2021, 7:07 PM IST

গুৱাহাটী, ৬ ছেপ্টেম্বৰ :ষ্ট'নমেন মেন নহয়, এইবাৰ ব্লে'ড মেনে সন্ত্ৰাসৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত । ব্লে'ড মেনৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া হয় গীতানগৰৰ এজন ব্যৱসায়ী । বিচৰা ধন নিদিয়াৰ বাবেই উদণ্ড যুৱকৰ ব্লে'ডৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা মোজাহিদ আলি নামৰ ব্যৱসায়ী জন সম্প্ৰতি গীতানগৰৰ KGMT হাস্পাতালত চিকিৎসাধীন হৈ আছে ।

এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে দেওবাৰে সন্ধিয়া ৫.৩০ বজাত, গীতানগৰ বি এছ এফ কেম্পৰ সমীপত । আৰক্ষীৰ পৰা জানিব পৰা মতে, 'ৰিয়ান কাৰ ৱাছ' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী মোজাহিদ আলী নামৰ ব্যৱসায়ী গৰাকীক পূৰ্বৰ দৰে সেইদিনাও গুণ্ডা কৰ বিচাৰি স্থানীয় তিনিজন উদণ্ড যুৱক ব্যৱসায়িক প্ৰতিষ্ঠান খনত উপস্থিত হয় । তাৰ পিছত ব্যৱসায়ীজনৰ পৰা ধন বিচাৰে ।

লগতে পঢ়ক :কামৰূপ আৰক্ষীৰ এনকাউন্টাৰ: গুলিবিদ্ধ দুধৰ্ষ অপৰাধী নেকিবুৰ ৰহমান

কিন্তু যুৱক কেইজনে বিচৰা ধন দিবলৈ অমান্তি হয় ব্যৱসায়ীজন । তাকে লৈ দুই পক্ষৰ মাজত সৃষ্টি হোৱা তৰ্ক যুদ্ধই পৰৱৰ্তী সময়ত হতাহতিৰ ৰূপ লয় । এনে সময়তে অংকুৰ শৰ্মা(৩০) নামৰ যুৱকজনে পকেটৰ পৰা এখন ব্লেড উলিয়াই অতৰ্কিতে ডিঙিত আক্ৰমণ কৰে ব্যৱসায়ী জনক ।

এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

ইয়াৰ লাগে লগে আন দুজন যুৱক জিংকু মণি শৰ্মা আৰু জিতুমনি শৰ্মাই ব্যৱসায়ী জনৰ বুকুত-পিঠিত চৰ-ঘোচা সোধাই ৷ এই ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থুলীয়া পৰিবেশৰ মাজতে ব্যৱসায়ীজনক তাতে তেনেদৰে পেলাই থৈ তিনিজন যুৱকে ঘটনা স্থলীৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক :অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

পিছত স্থানীয় ৰাইজে ব্যৱসায়ীজনক উদ্ধাৰ কৰি গীতানগৰৰ KGMT হাস্পাতালত ভৰ্তি কৰায় । উদণ্ড যুৱকৰ ব্লেডৰ আক্ৰমণত আঘাতপ্ৰাপ্ত ব্যৱসায়ীজনৰ ডিঙিত ৪৪ টা চিলাই পৰিছে । ইফালে এই ঘটনা সন্দৰ্ভত মোজাহিদ আলীৰ পত্নীয়ে ঘটনা সন্দৰ্ভত গীতানগৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।

আৰক্ষীয়ে ৩৬৮/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি দেওবাৰে নিশাই এই ঘটনাৰ মূল অভিযুক্ত অংকুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ লগতে বৰ্তমানলৈ পলাই থকা আন দুজন যুৱকৰ সন্ধানত তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰক্ষীয়ে । জানিব পৰা মতে আক্ৰমণকাৰী তিনিজন সম্পৰ্কত ককাই-ভাই । মহানগৰীত ব্যৱসায়ীত এইদৰে ব্লেডেৰে আক্ৰমণ কৰা ঘটনাই এতিয়া আতংকিত কৰি তুলিছে জনসাধাৰণক ৷

লগতে পঢ়ক :Nipah Virusৰ সংক্ৰমণৰ উৎস বিচাৰি তৎপৰ কেৰালা

ABOUT THE AUTHOR

...view details